Breaking

পৰিবৰ্তনকামী চৰকাৰৰ ৪ টা বছৰত এচপৰা মাটি, এটা শিলগুটি নপৰিল শিমলুডোঙা অঞ্চলৰ এটা পথত । এখন দলঙৰ অভাৱত বছৰ বছৰ ধৰি জীয়াতু ভোগিছে ৫ খনৰো অধিক গাঁৱৰ ৰাইজে ।

0 1,095

ঢকুৱাখনা : ১৫ বছৰীয়া কংগ্ৰেছৰ শাসন উফৰাই উন্নয়ন আৰু পৰিবৰ্তনৰ শ্লোগান আওৰাই শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰৰ যোৱা চাৰিটা বছৰতো একো উন্নয়নৰ প্ৰভাৱ নপৰিল প্ৰশাসনিকভাৱে ঢকুৱাখনা মহকুমাৰ আৰু ৰাজনৈতিকভাৱে ধেমাজী সমষ্টিৰ অন্তৰ্গত শিমলুডোঙা অঞ্চলৰ বহু কেইখন গাঁৱত। ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ গন্ধিয়া গাঁও পঞ্চায়তৰ কান্ধুলিমাৰিৰ পৰা হাৰ্হি গাঁও পঞ্চায়তৰ মাজুলী গাঁৱলৈকে সংযোগী পথটোৰ হাৰ্হি নদীৰ ওপৰত দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ বছৰৰ পিছতো নিৰ্মাণ নহ’ল এখন স্থায়ী দলং। ৰাজ্যত কিমান যে চৰকাৰ আহিল গ’ল, কিমান যে মন্ত্ৰী বিধায়ক হ’ল তাৰ লেখ জোখ নাই। তথাপিও কোনো এজন জনপ্ৰতিনিধিয়েই গুৰুত্ব নিদিলে উল্লেখিত ব্যস্ত যাতায়তী পথটোত এখন স্থায়ী দলং দিয়াৰ কথা। ফলত স্থানীয় ৰাইজে প্ৰতিবছৰে নিজৰ গাঁঠিৰ ধন ভাঙি সাজি লোৱা এখন বাঁহৰ জৰাজীৰ্ণ দলঙেৰে বাৰিষা-খৰালি যাতায়ত অব্যাহত ৰাখে। শিমলুডোঙাৰ ৫ খনৰো অধিক গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ এই পথটোৱে বছৰ বছৰ ধৰি জীয়াতু ভোগাই অহাৰ কথা বৰ্তমানৰ বিধায়ক ডা: ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাক বিভিন্ন সময়ত অৱগত কৰি অহাৰ পিছতো গুৰুত্ব নিদিলে যোৱা ৪ টা বছৰে। স্থানীয় ৰাইজৰ লগতে পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাই অৱগত কৰা মতে- বিধায়ক ডা: ৰণোজ পেগুৱে ২০২১ চনৰ নিৰ্বাচনত অঞ্চলটোৰ ৰাইজৰ ভোট হেৰুওৱাৰ ভয়ত চলিত বৰ্ষৰ মে’ মাহত গড়কাপ্তানি বিভাগৰ জড়িয়তে অৱশেষত হাৰ্হি নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে টেণ্ডাৰ ক’ল কৰোৱাই জনৈক ঠিকাদাৰক কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে যদিও কৰ’না মহামাৰীৰ বাবে হোৱা লক ডাউন, ধাৰাষাৰ বৰষুণৰ বাবে খুঁটা নিৰ্মাণৰ গাঁত খন্দাৰ পিছতে বানে বুৰাই পেলোৱাত কাম সামৰিবলগীয়া হ’ল। ফলত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ যোৱা ৪ টা বছৰীয়া কাৰ্যকালত এচপৰাও মাটি, এটাও শিলগুটি নপৰা কান্ধুলিমাৰীৰ পৰা মাজুলীগাঁও সংযোগী গড়কাপ্তানি পথটো বোকাময় হৈ পৰাৰ লগতে হাৰ্হি নদীত দলং নোহোৱাৰ বাবে যাতায়ত বন্ধ হৈ পৰে। ফলত স্থানীয় ৰাইজে শাসকীয় দলৰ পঞ্চায়ত প্ৰতিনিধিৰ জড়িয়তে ঠিকাদাৰক বাৰিষা যাতায়তৰ বাবে এখন বাঁহৰ দলং নিৰ্মাণ কৰিবলৈ দাবী জনায়। ইয়াৰ পিছতে হাৰ্হি নদীৰ ওপৰত এখন বাঁহৰ দলং সাঁজি দিয়ে ঠিকাদাৰে। কিন্তু এইখন দলং যাতায়তৰ বাবে বাৰিষাতেই উপযোগী নহ’ল। কিছুদিন পূৰ্বে হোৱা সামান্য বানতে ডুব গৈছিল। কাৰণ দলংখন উচ্চতাৰ ফালৰ পৰা মূল পথতকৈও তলত হোৱাৰ বাবে এজাক বৰষুণ দিলেই উফন্দি থকা নদীৰ পানীয়ে বুৰাই বিধস্ত কৰি পেলায়। তাতে দলংখনৰ সংযোগী মূৰ দুটাও যাতায়তৰ উপযোগীকৈ ঠিক কৰি নিদিলে ঠিকাদাৰে। ফলত কেইবাজনো লোক যোৱা এমাহত দুৰ্ঘটনাৰ বলী হৈছে দলঙৰ পৰা পিছলি নদীত পৰি। সেইয়ে স্থানীয় ৰাইজে বানে বিধস্ত কৰিব নোৱাৰাকৈ উখ এখন বাঁহৰ দলং আৰু দুই মুৰৰ সংযোগ স্থলৰ পথটো ঠিক কৰি দিবলৈ অনুৰোধ জনাইছে। ইফালে পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাইও দাবী জনাইছে পথটোৰ উন্নয়ন সাধিবলৈ।

Leave A Reply