ভাৰত চৰকাৰে নৱ প্ৰজন্মসকলৰ বাবে অগ্নি পথ আচনি মুকলি কৰিছে। উঠি অহা শিক্ষিত নৱ প্ৰজন্মক কৰ্ম্মমুখি কৰি তোলাৰ উদ্দেশ্যেৰে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আয়োজন কৰে আজান পীৰ ৰুৰেল ডেভেলপমেণ্ট অৰ্গ্ৰানাইজেশ্বনৰ উদ্দোগত সৰভোগৰ সাহাপুৰত।

এই শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত সভাপতিত্ব কৰে কৰিমুদ্দিন আহমেদে আৰু এই শুভাৰম্ভণি অনুষ্ঠান অতিথি হিচাপে সকলো খিনি কাৰ্য্যসূচী চলাই নিয়ে আলি হুছেইন , আলটাফ উদ্দিন আহমেদ , ছেৰাফুল ইছলাম , আব্দুল হাই, নুৰুল ইছলাম আৰু সমাজ সেৱক খবিৰ উদ্দিন তালুকদাৰ। এই শিবিৰৰ প্ৰশিক্ষণৰ বাবে লাগতিয়াল পোছাক সমূহ আগবঢ়াই আজানপীৰ ৰুৰেল Devlopment অৰ্গেনাইজেশনে।

