Breaking

নগৰবেৰাৰ বদলাত হাঁহক ল’ই দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট, গুৰুতৰভাৱে আহত কেইবাজন

0 1,041

নগৰবেৰাৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত বদলা পথাৰ টিয়াপাৰাত ক্ৰমে দিলবৰ হুছেইন আৰু ফকৰ উদ্দিন নামৰ দুই পক্ষৰ মাজত বৃহস্পতিবাৰে সন্ধিয়া প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। কেইজনমানী হাঁহক ল’ই দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট হোৱাৰ ফলত দুয়ো পক্ষৰ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে ফকৰ উদ্দিনৰ মুঠ ১৯ টা হাঁহ ঘৰৰ পৰা নোহোৱা হোৱাত গাওঁখনৰে দিলবৰ হুছেইনৰ হাঁহৰ ফাৰ্মত হাঁহৰ লগত তেওঁৰ হাঁহ মিলি যোৱাৰ অভিযোগ তোলে যদিওঁ দিলবৰ হুছেইনে এই অভিযোগ মানি নলয়। তাৰ পিছত হাঁহক ল’ই উভয় পক্ষৰ মাজত প্ৰথমে কথা কটাকটি হয় তাৰ পিছত দুয়ো পক্ষই হাতত লাঠি, টাঙোন, চোকা অস্ত্ৰ লয় আৰু পৰিণতিত পৰস্পৰৰ মাজত প্ৰচণ্ড মাৰপিট হৈ দুয়ো পক্ষৰে গুৰুতৰভাৱে প্ৰায় পোন্ধৰ জনমান লোক আহত হয়। নিশাৰ ভাগতেই আৰক্ষীয়ে দুয়ো পক্ষকে নগৰবেৰা চিকিৎসালয়ত ভৰ্তি কৰায় যদিও দিলবৰ হুছেইন, মনোৱাৰ হুছেইন, মুন্না আলী আৰু ফকৰ উদ্দিনৰ পক্ষৰ কেবাজনৰো অৱস্থা সংকটজনক হোৱাত চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। সাধাৰণ কেইজনী মান হাঁহক কেন্দ্ৰ কৰি হোৱা এনে মাৰপিটৰ কাণ্ডই বহুতৰে চকু কপালত তুলিছে।

Leave A Reply