Breaking

গোলাঘাটত পুনৰ দুজন ক’ভিড পজিটিভ

0 34

গোলাঘাট

দেওবাৰে ৰে’ল যোগে গোলাঘাটলৈ আহিল বহিঃৰাজ্যৰ বহু যুৱক-যুৱতী। অসমত ক’ৰোনা সংক্ৰমণৰ প্ৰথম পৰ্যায়তে সৰ্বাধিক ৯ জনকৈ ক’ৰোনা পজিটিভ ৰোগীৰে গোলাঘাট জিলা অসমৰ শীৰ্ষস্থানত থকাৰ পিছতে সকলো সুস্থ হৈ ঘৰলৈ উভটি যোৱাৰ পিছত জিলাখন এক স্বাভাৱিক অৱস্থালৈ আহিছিল  যদিও পুনৰ আজি ২ জনকৈ ক’ৰোনা পজিটিভ ৰোগীৰ উপস্থিতি ধৰা পৰিছে জিলাখনত। জানিব পৰা মতে যোৱা ১৬ মে’ত চেন্নাইৰ পৰা গোলাঘাটত আহি উপস্থিত হোৱা চাৰিজনকৈ যুৱকক কঁহৰাৰ অৰণ্য শীৰ্ষক কোৱাৰেণ্টাইন কেন্দ্ৰত নিৰক্ষণত থকা সময়তে আহে এই দুঃখবৰটো। থৰ্ট চোৱাপ পৰীক্ষাৰ অন্তত ইয়াৰে উৎপল বৰা আৰু ৰূপম বৰা নামৰ যুৱক দুজনৰ শৰীৰত ক’ৰোনা পজিটিভ পোৱা গৈছে। সূত্ৰ মতে দুয়োজনৰ ঘৰ গমাৰী অঞ্চলৰ কাছমাৰি আৰু চৰাইমাৰী গাঁৱত। অৱশ্যে লগত অহা বাকী দুজনৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে আৰু দুয়োজন এতিয়া অৰণ্য কোৱাৰেণ্টাইন কেন্দ্ৰতে নিৰীক্ষণত আছে। ইফালে উৎপল বৰা আৰু ৰূপম বৰাক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত থকা ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। এই দুজন ৰোগীৰ সৈতে জিলাখনত এই পৰ্যন্ত মুঠ ১১ জন কোৱাৰেণ্টাইন পজিটিভ চিনাক্ত হয়।

Leave A Reply