ভাৰতত ৫ লক্ষাধিক লোকৰ প্ৰাণ ল’লে ক’ৰণাই

বিগত ২৪ঘন্টাত ভাৰতত ১লাখ ২৭হাজাৰ ৯৫২গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰণা সংক্ৰমণ। এই সময়চোৱাত ২লাখ ৩১হাজাৰ লোক সুস্থ হৈ ঘৰলৈ উভটিছে। উদ্বেগজনকভাৱে এই সময়চোৱাত দেশত ১০৫৯গৰাকী ৰোগীৰ মৃত্যু হৈছে।

উল্লেখ্য যে, ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই ভাৰতত ৫লাখৰ ঘৰ অতিক্ৰম কৰিছে। এতিয়ালৈ সৰ্বমুঠ ৫লাখ ১হাজাৰ ১১৪গৰাকী লোক ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশত বৰ্তমান হাস্পতালত আছে ১৩লাখ ৩১হাজাৰ ৬৪৮গৰাকীকৈ ৰোগী।

Related Articles