Breaking

কামৰূপ জিলাত আকাশলংঘী মাছ মাংস পাছলিৰ দৰ । অসাধু ব্যবসায়ীৰ সৈতে খাদ্য অসামৰিক যোগান বিভাগৰ গোপন মিতিৰালিৰ অভিযোগ ৰাইজৰ।

0 49

চাংসাৰি  

লক ডাউনৰ সুবৰ্ণ সুযোগ লৈ তথা কামৰূপ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কুম্ভকৰ্ণ নিদ্ৰাৰ বাবে কামৰূপ জিলাত নিয়ন্ত্ৰনহীন এতিয়া মাছ মাংসৰ বজাৰ । পৰ্যাপ্ত যোগান থকাৰ পিছতো বজাৰত এতিয়া প্ৰতি কেজি ব্ৰইলাৰ মুৰ্গীৰ দৰ ৩২০ টকাৰ পৰা ৩৫০ টকা হৈছেগৈ । জালুকবাৰী সমষ্টিৰ আমিনগাওঁ, উত্তৰ গুৱাহাটী, চাংসাৰি আদি বিভিন্ন ঠাইত খাহী মাংস ৮০০ ৰ পৰা ৯০০ টকা বিক্ৰীৰ সমান্তুৰালকৈ লোকেল মুৰ্গী  ৭০০ ৰ পৰা ৮০০ টকা প্ৰতি কিলোত মুকলিকৈ বিক্ৰীহৈ আহিছে । ইফালে  কামৰূপ জিলাৰ মাছৰ বজাৰতো লাগিছে জুই । প্ৰতি কেজি কুঢ়ি মৃগাৰ (সৰু) ২০০ টকাৰ মাছ এতিয়া ৩০০টকা , ডাঙৰ ৰৌ ভকুৱা ৪০০, মিছা মাছ ৬০০ টকা, বৰলীয়া ৮০০ টকাত আমিনগাঁৱ বজাৰকে আদি কৰি জালুকবাৰী সমষ্টিৰ কেইবা ঠাইত বিনা বাধাই বিক্ৰী হৈ আহিছে । ইফালে পাচলি তৰকাৰীৰো আকাশলংঘী দৰ , প্ৰতিকেজি তৰকাৰী ৬০ টকাৰ পৰা ৮০ টকা । অভিযোগ অনুসৰি অসাধু ব্যবসায়ীৰ সতে কামৰূপ অসামৰিক খাদ্য যোগান বিষয়াৰ হলিগলি ও গোপন মিতিৰালিৰ বাবেই বজাৰত নিয়ন্ত্ৰণহীন হৈছে বস্তুৰ দৰ। এতিয়া বজাৰত মোনা লৈ দুখীয়া গ্ৰাহকে তৰ্কত লিপ্ত হব লগীয়া হৈছে সামগ্ৰীৰ আকাশলংঘী দৰৰ বাবে । এনেদৰেই এফালে দীঘলীয়া লক ডাউন আনফালে জলমগ্ন ৰাজ্য আৰু তাৰ মাজতে অসাধু ব্যবসায়ীয়ে মাধমাৰ সোধাইছে জনতাক । উপাৰ্জনহীন হৈ পৰা প্ৰায় সংখ্যক লোকেই এতিয়া পৰ্যাপ্ত খাদ্যৰ অভাবত পুষ্টি হীনতাত ভুগিছে । মধ্যবিত্ত পৰিয়ালেও ধনৰ অভাবত চৰা দৰ স্বত্বেও বইলাৰ মাংসকে ভৰষা কৰিব লগীয়া হৈছে। কিন্তু জনতাৰ এই দুৰ্দশাৰ কথা চিন্তা কৰি অভাবনীয়ভাবে বৃদ্ধি কৰা ব্ৰইলাৰ, মাছ, পাছলী তথা অন্য সামগ্ৰীৰ দৰকলৈ মুৰ নঘমাই কামৰূপ অসামৰিক খাদ্য আৰু যোগান বিভাগে । জিলাৰ এই বিয়াগোম বিভাগটোৱে জনতাৰ দুৰ্দিনতো জিলাৰ বজাৰ পৰিদৰ্শনৰ বাবে অভিযান নচলোৱাৰ আৰতযে অসৎ উদ্দেশ্য নিহিত হৈ আছে তেওলোকৰ কাৰুকাৰ্য্যৰ পৰা এতিয়া সেয়া নিশ্চিত হৈ পৰিছে । পিছে পব্বত ভৈয়াম একাকাৰ কৰি সমবিকাশ, দুৰ্নীতিৰ  বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দৰিদ্ৰ জনতাৰ বিপদ কালত ৰং চোৱাটোহে আক্ষেপৰ বিষয় বুলি উল্লেখ কৰি জালুকবাৰী সমষ্টিৰ কেইবাটাও অঞ্চলৰ জনতাই জিলা খনত অসাধু ব্যৱসায়িয়ে নিজ খেয়াল খুছিৰে বজাৰৰ সামগ্ৰীৰ দৰ নিৰ্ধাৰণ কৰা কাৰ্যক ৰোধ কৰি বজাৰৰ সামগ্ৰীৰ আকাশলংঘী দৰ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে । এতিয়া চৰকাৰ ও প্ৰশাসনে ৰাইজৰ দুৰ্দশাৰ কথা চিন্তা কৰি বজাৰৰ সামগ্ৰীৰ দৰ নিয়ন্ত্ৰণ কৰিবলৈ তৎপৰ হব নে ৰাইজক দুৰ্দশাৰ মাজতে থাকিব দি অসাধু ব্যৱসায়িকহে উৎসাহিত কৰিব সেয়া সময়তহে লক্ষণীয় হব। 

Leave A Reply