Breaking

লাহৰীঘাটত উপ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

0 1,027

মৰিগাঁও জিলাৰ  লাহৰীঘাটৰ টেঙাগুৰিত পকী দলংৰ পৰা উপ পথ নিৰ্মাণৰ দাবী আৰু দলং নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্তৰ দাবীত  ৰাইজৰ  উত্তাল প্ৰতিবাদ। উল্লেখ্য যে ২০১৩ চনত নগাঁও -ভূৰাগাঁও সংযোগী ৰাজ্যিক পথৰ টেঙাগুৰিত ঠিকাদাৰ নিপুন বৰাই পকী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। ঠিকাদাৰ নিপুন বৰাই আজি পৰ্যন্ত পকী দলংটোৰ কাম সম্পূৰ্ণ কৰিব পৰা পৰা নাই ।আনকি ঠিকাদাৰ নিপুন বৰাই লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি দলং নিৰ্মাণত দূৰ্নীতি কৰাৰ লগতে নিৰ্মাণৰ কাম লেহেমীয়া কৰিছে বুলি অভিযোগ তুলিছে ।

ইফালে দেনিক শ শ লোক অহা যোৱা কৰা পথ বন্ধ কৰাৰ পৰিকল্পনা কৰিছে ঠিকাদাৰজনে । এই ৰাস্তাৰে ৰাইজ অহা যোৱা কৰাৰ বাবে  ঠিকাদাৰজনক উপ পথছোৱাত ৰেম্প বনাই দিয়াৰ দাবী কৰে। কিন্তু ঠিকাদাৰ জনে ৰেম্প বনাই দিয়াত অমান্তি হোৱাত ৰাইজে আজি এইদৰে প্ৰতিবাদ সাৱ্যস্ত কৰে । ৰেম্প বনাই নিদিলে কাম বন্ধ কৰাৰ হুংকাৰ দিয়ে ৰাইজে । আনকি দলং নিৰ্মানত সংঘটিত দূৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তোলে ৰাইজে ।

Leave A Reply