Breaking

নগাঁৱত কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ কটাক্ষ। কংগ্ৰেছে অসম্পূৰ্ণ কৰা দুখীয়া ৰাইজৰ ঘৰ আমি সম্পূৰ্ণ কৰিলো : মুখ্যমন্ত্ৰী সোণোৱাল

0 1,269

নগাঁও, ২৭ জুলাই: “কংগ্ৰেছে অসম্পূৰ্ণ কৰি থৈ যোৱা ২লাখ ৮৬হাজাৰ ইন্দিৰা আৱাস যোজনাৰ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ । আমি অসমত ৩ লাখ ঘৰ দুখীয়াৰ বাবে নিৰ্মান কৰিলো আৰু এতিয়া পুনৰ ২৫ হাজাৰ ঘৰ দুখীয়া ৰাইজৰ বাবে নিৰ্মান কৰিম।” আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল)ৰ দ্বিতীয় পর্যায়ৰ গৃহ নিৰ্মানৰ আধাৰশিলা অনুষ্ঠান উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নগাঁও চহৰৰ চকীটুপত এটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ শিলান্যাস কৰাৰ পিছতে অভিযান সঞ্চলকালয় প্ৰধান মন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল) অসম আৰু নগাঁও পৌৰসভাৰ উদ্যোগত নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী মোডীৰ পদক্ষেপক প্ৰশংসা কৰি ৰাজ্যৰ উন্নয়ণৰ বিষয়ে ব্যক্ত কৰে। মুখ্যমন্ত্ৰীৰ উপৰিও নগৰ উন্নয়ণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বিধায়ক ৰমাকান্ত দেউৰী, বিধায়ক ডিম্বেশ্বৰ দাস আৰু প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম পৰ্য্যায়ৰ গৃহ লাভ কৰা তিনি গৰাকী আৰু দ্বিতীয় পৰ্য্যায়ৰ তিনি গৰাকী হিতাধিকাৰীক তেওঁলোকে লাভ কৰা অনুদানৰ চেক সমূহ প্ৰদান কৰা হয় । আনহাতে উক্ত অনুষ্ঠানত ৰাজ্যৰ দুহেজাৰ হিতাধিকাৰীৰ একাউণ্টত ডাইৰেক্ট ইলেকট্ৰনিক মানি ট্ৰেণ্সফাৰৰ জৰিয়তে ২২ কোটি টকা প্ৰদানৰ শুভাৰম্ভনি কৰা হয়। ইপিনে প্ৰধান মন্ত্ৰী মোডীৰ ৰামৰাজ্যৰ অৰ্থ হৈছে সকলোৰে সুখ-সমৃদ্ধি বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বানপানী, বাঘজানৰ অগ্নিকাণ্ড, কোভিড- ১৯ ৰ দৰে দুৰ্যোগৰ মাজতো সাহসৰে যুঁজ দিয়া অসমৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাইজৰ সহযোগিতাৰ বাবেই অসমত কৰ’নাত আৰোগ্যৰ হাৰ বৃদ্ধি সম্ভৱ হোৱা বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। সভাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে পূৰ্বে নগৰ উন্নয়ণ বিভাগৰ কাম-কাজ নাই বুলিয়ে ৰাইজে ভাবিছিল। কিন্তু এতিয়া নগৰ উন্নয়ণ বিভাগৰ কাম-কাজ ৰাইজে দেখিবলৈ পাইছে। অনুষ্ঠানতে ভাষণ প্ৰদান কৰি স্বাস্থ্য আৰু নগৰ উন্নয়ণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই নগাঁৱত ২০০কোটি টকা ব্যায় সাপক্ষে নিৰ্মান হ’ব লগা পানীযোগান আঁচনিৰ কামৰ শুভাৰম্ভনি হ’ব বুলি জানিবলৈ দিয়ে । অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই বিগত ৪ বছৰত নগাঁৱত দুহেজাৰ ইন্দিৰা আৱাস যোজনাৰ ঘৰ সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি লগতে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাত নগাঁও চহৰত ৯খন দলং আৰু ৪৩১টা পকী পথৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে নগাঁও চহৰ অঞ্চলতে বিগত ৪ বছৰত ১০৩৪ টা প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ গৃহ সম্পূৰ্ণ হৈ উঠিছে । সেয়ে পূৰ্বৰ তুলনাত বৰ্তমানৰ কাৰ্যকালত উন্নয়ণৰ যি পাৰ্থক্য সেয়া ৰাইজে নিজে নিৰূপণ কৰিব। নগাঁৱৰ অঅতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰাই আঁত ধৰা অনুষ্ঠানত অসম চৰকাৰৰ নগৰ উন্নয়ণ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা,প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ পৰিচালন সঞ্চালক শুভাশিস দাস, জিলা উপায়ুক্ত যাদৱ শইকীয়াৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে । আনহাতে নগাঁৱৰ সভাৰ পৰা চতিয়াৰ এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাওনা হয়।

Leave A Reply