Breaking

ৰূপহীহাটত শিশুৰ মুখৰ আহাৰ কাঢ়ি খাইছে একাংশ কৰ্মী-বিষয়া-মুখ্য সেৱিকাই । ১২০ টকাৰ বিপৰীতে অংগনবাদী কৰ্মীয়ে বিলাইছে নিম্ন মানৰ ডেৰ-দুই কেজি পৰিমাণৰ শিশু খাদ্য ।

0 283

 এ জে আকন্দ‌, নগাঁও

শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ আহাৰ খুওৱাৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰূপহীত সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে। আন সময়ৰ কথাতো বাদেই কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি বলবৎ কৰা দীঘলীয়া তলাবন্ধৰ সময় ছোৱাতো দৰিদ্ৰ পৰিয়ালৰ শিশু আৰু পুষ্টিহীনতাত ভোগা শিশুৰ আহাৰৰ নামত আবন্টিত ধনৰ ওপৰতো সামুহিক লুন্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দেশজুৰি বলবৎ হৈ থকা তলাবন্ধৰ ফলত সমাজ কল্যাণ বিভাগৰ অধীণস্থ অংগণবাড়ী কেন্দ্ৰ সমূহ বন্ধ হৈ থকা হেতুকে কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা অনুসৰি প্ৰতিটো অংগণবাড়ী কেন্দ্ৰৰ শিশু সকলক পুষ্টিকৰ খাদ্যৰ বাবদ প্ৰতিদিনে আঠ টকাকৈ আৰু পুষ্টিহীনতাত ভোগা প্ৰতিটো শিশুৰ বাবে প্ৰতিদিনে ১২ টকাকৈ দিয়াৰ ব্যৱস্থা কৰে। সেই মৰ্মে ইতিপূৰ্বে অংগনবাড়ী কেন্দ্ৰসমুহৰ বেংক একাউন্টত চৰকাৰে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা দিয়ে। সেই মৰ্মে ১৫ দিনত প্ৰতিটো শিশুৰ বাবদ ১২০ টকাকৈ আৰু পুষ্টিহীনতাত ভোগা প্ৰতিটো শিশুৰ বাবদ ১৮০ টকাকৈ চৰকাৰে আবন্টন দিয়ে। সেই ধনৰে অংগণবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে হিতাধিকাৰীৰ ঘৰলৈ গৈ পুষ্টিকৰ শিশু খাদ্য সামগ্ৰী যোগান ধৰিব লাগে। উত্থাপিত অভিযোগ অনুসৰি, ৰূপহীহাটৰ একাংশ অংগনবাড়ী কেন্দ্ৰ‌ই পুষ্টিকৰ খাদ্য যোগান ধৰাৰ নামত ১৫ দিনৰ বাবদ ঠাই বিশেষ মাত্ৰ এক-ডেৰ কেজি চাউল, আধা কেজি দাইল, অলপ চয়াবিন যোগান ধৰি ব্যাপক পৰিমাণৰ লুন্ঠন চলোৱাৰ অভিযোগ উঠিছে। যি একাংশ শিশু আৰু পুষ্টিহীনতাত ভোগা শিশুক খাদ্য সামগ্ৰী যোগান ধৰিছে তাৰ মূল্য মাত্ৰ ৮০ টকা মানহে হ’ব বুলি সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। এইদৰে প্ৰতিটো শিশুৰ বিপৰীতে আবন্টিত ধনৰ এটা অংশ আত্মসাৎ কৰা হৈছে বুলিও ৰাইজে অভিযোগ কৰিছে। এই ধন ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পাৰুল তামুলী, একাংশ মুখ্য সেৱিকা, অংগণবাড়ী কেন্দ্ৰৰ কৰ্মী, কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতিৰ মাজত ভাগ বটোৱাৰা হয় বুলিও অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ২৯৪টা অংগনবাড়ী কেন্দ্ৰ আছে। ইয়াৰে দুই কুৰিৰো অধিক কেন্দ্ৰ কেৱল কাগজে কলমেহে চলি আছে। অথচ বিগত দিন সমূহত সেই অংগণবাড়ী কেন্দ্ৰ সমূহৰ নামতো প্ৰতিমাহে শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতিক পুষ্টিকৰ খাদ্য খুওৱাৰ নামত হেজাৰ হেজাৰ টকা আত্মসাৎ কৰি আহিছে। সমাজ কল্যাণ বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, তলাবন্ধৰ বাবে অংগণবাড়ী কেন্দ্ৰ সমূহ বন্ধ থাকিলেও সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা অংগণবাড়ী কেন্দ্ৰ সমূহলৈ শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতিৰ বাবে নিয়মীয়াকৈ চাউল-মটৰৰ যোগান অব্যাহত আছে। সেই অনুসৰি, ৰূপহী সংহত শিশু উন্নয়ন প্ৰকল্পটোৰ অধীণস্থ প্ৰায় অধিকাংশ অংগণবাড়ী কেন্দ্ৰ সমূহলৈ প্ৰতি হিতাধিকাৰীৰ বিপৰীতে ৮২ দিনৰ বাবে খাদ্য সামগ্ৰী আবন্টন দিয়া হৈছে। চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰতি গৰাকী গৰ্ভৱতী মহিলা আৰু প্ৰসূতিৰ বাবে প্ৰতি দিনে ১০০ গ্ৰামকৈ চাউল, ৬০ গ্ৰামকৈ মটৰ, প্ৰতিটো শিশুক প্ৰতি দিনে  ৮০ গ্ৰামকৈ চাউল আৰু ৩০ গ্ৰামকৈ মটৰ যোগান ধৰিব লাগে। সেই হিচাপত প্ৰতি গৰাকী গৰ্ভৱতী মহিলা আৰু প্ৰসূতিক ৮২ দিনৰ বিপৰীতে ৮ কেজি দুশ গ্ৰামকৈ চাউল, ৪ কেজি ৯২০ গ্ৰামকৈ মটৰ, প্ৰতি গৰাকী শিশুক ৮২দিনৰ বিপৰীতে ৬ কেজি ৫৬০ গ্ৰামকৈ চাউল আৰু ২ কেজি ৪৬০ গ্ৰামকৈ মটৰ যোগান ধৰিব লাগে। কিন্তু ৰূপহীৰ প্ৰায় অধিকাংশ কেন্দ্ৰৰ হিতাধীকাৰীকেই মাত্ৰ ৪-৫ কেজিকৈ চাউল আৰু ২৫০ গ্ৰামৰ পৰা ১ কেজি পৰ্যন্ত মটৰ যোগান ধৰাৰ অভিযোগ উঠিছে। উক্ত সংহত শিশু প্ৰকল্পৰ অধীনস্থ বহু অংগনবাড়ী কৰ্মীয়ে শ শ ভুৱা হিতাধিকাৰীৰ নামত পুষ্টিকৰ খাদ্য যোগান ধৰাৰ ভুৱা তথ্যৰেই হাজাৰ হাজাৰ টকাৰ ওপৰত অবাধ লুন্ঠন চলোৱাৰ অভিযোগো উঠিছে। আনকি অংগণবাড়ী কেন্দ্ৰৰ হিতাধিকাৰীৰ তালিকাত বহু ধনী আৰু সম্ভ্ৰান্ত ঘৰৰ মহিলা-শিশুৰ নাম অন্তৰ্ভুক্ত থকাত সেই সকলে যিহেতু চাউল-মটৰ কাহানিও নিনিয়ে সেয়েহে তেওঁ লোকৰ বিপৰীতে আবন্টিত খাদ্য বজাৰত বিক্ৰী কৰা হয় বুলিও অভিযোগ উঠিছে। উল্লেখ্য যে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পাৰুল তামুলী যোগদানৰ পিছৰে পৰা ৰূপহীত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হৈছে বুলি চৰ্চা হৈছে। পৰৱৰ্তী প্ৰতিবেদনত তথ্য সহকাৰী ফাদিল কৰা হ’ব।

Leave A Reply