Breaking

গ্ৰাম্যাঞ্চলত মোবাইলে ধ্বংস কৰিছে ক্ৰীড়া পৰিৱেশ, অভিভাৱক সচেতন নহলে বিষম ফল প্ৰসৱ কৰাৰ সম্ভৱনা…

0 82

গ্ৰাম্যাঞ্চলত মোবাইলে ধংস কৰিছে ক্ৰীড়া পৰিবেশঅভিভাৱক সচেতন নহলে বিষম ফল প্ৰসৱ কৰাৰ সম্ভৱনা*

আজি কিছুদিনৰ আগলৈ গ্ৰাম্যাঞ্চলত ক্ৰীড়াৰ এক পৰিবেশ আছিল। অইন নহলেও আবেলি সময়ত ল’ৰাবোৰৰ খেলপথাৰলৈ যোৱাৰ অভ্যাস গঢ় লৈ উঠিছিল। ফুটবল, ভলীবল, ক্ৰিকেট, এথলেটিকছ, কাবাডী, হেণ্ডবল, খো খো ইত্যাদি খেল খেলি জিৰণী সময়ৰ সৎ ব্যাৱহাৰ কৰিছিল। গ্ৰাম্যাঞ্চলত এনে এজন ল’ৰা নাই যিজনে এবাৰলৈ হলেও ফুটবলটো লথিয়াই পোৱা নাই বা ভলীবলটো এবাৰলৈ হলেও হাতেৰে চুই পোৱা নাই।

ক্ৰিকেটৰ সামগ্ৰীৰ অভাৱেও তেওঁলোকক চুব পৰা নাছিল। নিজে তৈয়াৰ কৰি লোৱা কাঠৰ বেট আৰু টেনিচ বলেৰে অখৰা-মখৰা খেলপথাৰত ক্ৰিকেট খেলি বাউণ্ডেৰী বা অভাৰ বাউণ্ডেৰীলৈ বল মাৰি পঠিওৱাটো গাওঁৰ খেলুৱৈৰ বাবে তেনেই সহজ কথা। প্ৰায় প্ৰতিখন গাওঁতে ভলীবল, ফুটবলৰ খেলপথাৰ আছিল। ইখন গাওঁৰ লগত সিখন গাওঁৰ বন্ধুত্বসূলভ প্ৰতিযোগিতা চলিছিল। ইয়াৰ দ্বাৰাই ওঁচৰ চুবুৰীয়া গাওঁ সমূহৰ মাজত গঢ়ি উঠিছিল আত্মিকসম্বন্ধ, ভাতৃত্ববোধ, ঐক্য, সংহতি, সম্প্ৰীতি ইত্যাদি। সকলোৱে খেলুৱৈ হ’ম বুলি খেলা নাছিল যদিও নিজৰ দেহটোৰ বাবেই খেলিছিল এই সকল ল’ৰাই। দৈনন্দিন এনে কাৰ্য্যৰ পৰা তেওঁলোকে নভৱাকৈয়ে নিজকে সুস্থ-সবল কৰি ৰাখিব পাৰিছিল। তাৰে মাজতে অৱশ্যে দুই এজনে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি খেলুৱৈ হোৱাৰ তাগিদাত অনুশীলন অব্যাহত ৰাখিছে। কিন্তু সেই সকলোৰো অৱস্থা তথৈবচ। অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ অভাৱ স্পষ্ট হৈ ৰৈছে।

আৰ্থিক দৈন্যতাৰ বাবে যোগাৰ কৰি ল’ব পৰা নাই সাজ-পোছাক, উপযুক্ত খেলৰ সামগ্ৰী। ইয়াৰ মাজতে যি সকল খেলুৱৈয়ে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি খেলুৱৈ হিচাপে নিজক প্ৰতিস্থা কৰিব পাৰিছে তেওঁলোক ধন্যবাদৰ পাত্ৰ। এইখিনিলৈকে ঠিকেই আছিল কিন্তু যেতিয়াৰ পৰাই ল’ৰা-ছোৱালীৰ হাতলৈ মোবাইল আহিল তেতিয়াৰ পৰাই যেন খেলুৱৈ সকলৰ ক্ৰীড়াৰ প্ৰতি ধাউটি কমি আহিল। খেলপথাৰলৈ আহিবলৈ এই সকলৰ সময় নোহোৱা হ’ল। বৰ্তমান ক্ৰীড়াৰ নিচাহতকৈ যেন মোবাইলৰ নিচাহে বহুত বেছি হৈ পৰিছে। মোবাইলত ফ্ৰি ফাইৰ, পাৱজি আদিৰ দৰে গেমখেলি তেওঁলোকে পাৰ কৰি আছে বহুত অমূল্য সময়। আনকি পাৱজিৰ নিচাহে ইতিমধ্যে বহুতৰে প্ৰাণ লোৱা খবৰো পোৱা গৈছে। তথাপিও কিন্তু বহুতৰ এতিয়াও গা লৰা নাই।

যিটো সময়ত নিজক গঢ়াৰ সময়, সেই সময়ত পাৱজিৰ ব্যাধিয়ে আমাক তিলে তিলে নিশেষ কৰি পেলাইছে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় উদ্ভাৱন কৰি কেনেকৈনো এই সকলক ক্ৰীড়াৰ পিনে ধাৱবান কৰিব পাৰি তেনে আঁচনি প্ৰস্তুত কৰাটো নিত্যান্তই প্ৰয়োজনীয় হৈ পৰিছে। অৱশ্যে সকলো ল’ৰাই যে খেল খেলিব, তেনে কথাও নহয়। কিন্তু তাৰে মাজতে লুকাই আছে প্ৰচুৰ সম্ভাৱনা। যি ধৰণে তেওঁলোকে পাৱজি বা ফ্ৰি ফাইৰ আদি নিখুত ভাৱে খেলাৰ আগ্ৰহ প্ৰকাশ কৰে ঠিক তেনে আগ্ৰহ ক্ৰীড়াত মনোনিবেশ কৰিলে সফলতা আহিব বুলি আমাৰ মনে ধৰে। এই সকলক ক্ৰীড়ালৈ আনিবলৈ হ’লে ক্ৰীড়াৰ দ্বাৰা খেলুৱৈৰ ভবিয্যত সূনিশ্চিত কৰিব লাগিব। মোবাইল খেলতকৈ, ক্ৰীড়াক অধিক জনপ্ৰিয় কৰি গঢ়ি তুলিব লাগিব, এই সকলৰ মাজত। মোবাইল খেলত কোনোধৰণৰ শাৰীৰিক চৰ্চা নাথাকে কিন্তু যিকোনো খেলতে শাৰীৰিক চৰ্চা লাভ কৰিব পাৰি। আজিকালি প্ৰতিজন ৰোগীকে ডাক্টৰৰ পৰামৰ্শই হৈছে ক্ৰীড়া। গতিকে ক্ৰীড়াৰ মহত্ব এতিয়া সৰ্বজন বিদিত। সকলো ফালৰ পৰা ক্ৰীড়া মহৌষধত পৰিণত হৈছে। অভিভাৱক সকল সচেতন নহলে মোবাইলৰ পৰা ল’ৰা-ছোৱালী সকলক আতৰাই অনাটো সম্ভৱ ন’হব। মোবাইলৰ প্ৰয়োজনীয়তা নিশ্চিত ভাৱে আছে কিন্তু ইয়াৰ ব্যাৱহাৰৰ ক্ষেত্ৰত সজাগ হোৱাটো নিত্যান্তই দৰকাৰী। ক’ৰোনা মহামাৰীৰ উপদ্ৰপৰ পৰা ৰক্ষা পোৱাৰ হেতু বিদ্যালয় সমূহ বন্ধ কৰি দিয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীৰ যাতে পঢ়াত ক্ষতি নহয় তাৰবাবে অন-লাইন ক্লাছৰ ব্যাৱস্থা কৰা হৈছে। এই পঢ়া কিমানদূৰ সফল হৈছে সেয়া বিচাৰ্যৰ বিষয়। কিন্তু এই ক্লাছৰ বাবে মোবাইল নথকা ছাত্ৰ-ছাত্ৰীও মোবাইল লবলৈ বাধ্য হৈছে। অৱশ্যে অন-লাইন ক্লাছৰ বাহিৰে অন্য উপায়ো নোহোৱা হৈছে। গতিকে মোবাইল গেম সক্ৰিয় হৈ উঠাটো একো অস্বাভাৱিক কথা নহয়। কিন্তু ইয়াৰ সদ ব্যাৱহাৰৰ বাবে সচেতন নহলে অনাগত দিনত যথেষ্ট ক্ষতি হোৱাৰ কথা নুই কৰিব নোৱাৰি।

ইয়াৰ বাবে অভিভাৱক সকলৰো দায়িত্ব আছে। ল’ৰা-ছোৱালীক দৰকাৰত মোবাইল কিনি দিয়ক লগতে ফুটবল, ভলীবল, ক্ৰিকেট, এথলেটিকছ বা অন্যন্য ক্ৰীড়াটো মনোনিবেশ কৰাওঁক। খেলুৱৈ গঢ়িব নোৱাৰিলেওঁ অন্তত সুস্থ সবল সমাজ গঢ়াত সহায়ক হ’ব। অসম কন্যা লাভলিনাই দেশলৈ মান সন্মান কঢ়িয়াই আনিছে, বিশ্বত দেশ তথা ৰাজ্যৰ নাম জিলিকাই তুলি আহিছে। বহুতৰ দৰে তেওঁৱো গ্ৰাম্যাঞ্চলৰ ক্ৰীড়াক অধিক গুৰুত্ব দিয়াৰ বাবে আহ্বান জনাইছে। গ্ৰাম্যাঞ্চলত লুকাই থকা সুপ্ত প্ৰতিভা বিলাক বিচাৰি আনি ক্ৰীড়াত মনোনিবেশ কৰিবলৈ অনুৰোধ জনাইছে। ক্ৰীড়াৰে কেৰিয়াৰ গঢ়াৰ বাবে অভিভাৱক সকলক তেওঁলোকৰ ল’ৰা-ছোৱালীক আগবঢ়াই দিবলৈ কৈছে। তেওঁ প্ৰতিঘৰ পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে খেলা-ধুলা কৰাটো বিচাৰিছে। ক্ৰীড়া এক সাধনা, ক্ৰীড়া এক তপস্যা। সমাজ জীৱনত ক্ৰীড়াৰ ভূমিকা নিসন্দেহে গুৰুত্বপূৰ্ণ। এখন দেশ তথা ৰাজ্যই ক্ৰীড়াৰ জড়িয়তেই চহকী হৈ উঠিব পাৰে। হিমা দাস, লাভলিনা বৰগোঁহাই ইয়াৰ উৎকৃষ্ট উদাহৰণ। সেয়েহে অসমক ক্ৰীড়াৰ ৰাজধানী কৰিব বিছৰা চৰকাৰ খনে আজি এতিয়াৰ পৰাই ক্ৰীড়াৰ দীৰ্ঘম্যাদি পৰিকল্পনা হাতত লৈ কাম কৰা উচিত। আমি প্ৰৱল আত্মবিশ্বাসী সূপৰিকল্পিত ভাৱে কৰা আচঁনিৰ জড়িয়তে অসমৰ বুকুৰ পৰা আৰু বহুতো লাভলিনা, হিমা ওলাই আহিব। অৱশ্যে ইয়াৰ বাবে চৰকাৰৰ লগতে আটায়েৰে সহযোগ একান্তই বাঞ্চনীয়।

লেখক – দীপক কুমাৰ দাস ( নলবাৰী )

Leave A Reply