Breaking

শিৱসাগৰত ৰাজহ মন্ত্ৰী যোগেন মহনৰ প্রতিৰোধী বন্ধু সকলৰ সৈতে মত-বিনিময় । প্ৰতিৰোধী বন্ধুসকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ ।

0 1,071

শিৱসাগৰ : অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কালি শিৱসাগৰ জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলাখনৰ ভালেসংখ্যক প্ৰতিৰোধী বন্ধুৰ লগত এখন সভাত মিলিত হয়। সভাৰ আৰম্ভণিতে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে ৰাজহ মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে জিলাখনৰ প্ৰতিৰোধী বন্ধুসকলে ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত তথা বানপানীৰ সময়ত প্রত্যক্ষৰূপে জড়িত হৈ প্ৰশাসনক আগবঢ়োৱা সহযোগিতাৰ বিষয়ে উল্লেখ কৰে।প্ৰতিৰোধী বন্ধুসকলক মানসিকভাৱে আৰু বেছি উদ্বুদ্ধ কৰাৰ লগতে অনুপ্ৰেৰণা যোগোৱাৰ অৰ্থে কালি তেওঁলোকৰ সৈতে এই সভাখন আহ্বান কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। উপায়ুক্ত গৰাকীয়ে প্ৰতিৰোধী বন্ধু সকলে জিলা প্ৰশাসনক নিষ্ঠা আৰু আন্তৰিকতাৰে আগবঢ়োৱা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সভাত ৰাজহ মন্ত্ৰী গৰাকীয়ে জিলাখনৰ প্ৰতিৰোধী বন্ধুসকলে ক’ভিড-১৯ ৰোগৰ বিৰুদ্ধে যুঁজত জিলা প্ৰশাসনক আগবঢ়োৱা সহযোগিতাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা একনিষ্ঠ সেৱাৰ বাবে আন্তৰিকতাৰে শলাগ লোৱাৰ উপৰিও ধন্যবাদ জনায়। অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এই বিশেষ স্বেচ্ছাসেৱামূলক পদক্ষেপ “প্ৰতিৰোধী বন্ধু”ই ইতিমধ্যেই সমগ্র দেশতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি ৰাজ্যখনৰ ৩৩ খন জিলাত ইতিমধ্যে প্ৰায় ২০,০০০ গৰাকী যুৱকে প্ৰতিৰোধী বন্ধু হিচাপে যোগদান কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে। তেওঁ কয় যে শিৱসাগৰ জিলাৰ ৫৪৬ গৰাকী প্ৰতিৰোধী বন্ধুৰ কৰ্মদক্ষতা আৰু সেৱাৰ মনোভাৱে যিকোনো ধৰণৰ দুৰ্যোগৰ সময়ত জনসাধাৰণৰ মনত নিশ্চয়কৈ সাহস আৰু মনোবল যোগাবলৈ সক্ষম হ’ব। তেওঁ এই ক্ষেত্ৰত মহিলা সকলকো আগবাঢ়ি আহিবলৈ আহ্বান জনায়। যিকোনো ধৰণৰ দুৰ্যোগৰ সময়ত উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ সময়ত চৰকাৰ আৰু প্ৰশাসনৰ লগত জনসাধাৰণৰ সহযোগিতা নিতান্তই প্ৰয়োজনীয়। প্ৰতিৰোধী বন্ধু হিচাপে আৰু অধিক যুৱ শক্তিয়ে যোগদান  কৰাৰ প্ৰয়োজনীয়তা আছে আৰু এই ক্ষেত্ৰত জিলা উপায়ুক্তক বিশেষ উদ্যোগ গ্রহণ কৰিবলৈ আহ্বান জনায়।  ৰাজহ মন্ত্ৰী গৰাকীয়ে কয় যে,  পৰৱৰ্তী বিভিন্ন চৰকাৰী প্ৰকল্পত প্ৰতিৰোধী বন্ধু সকলক সংযোজিত কৰাৰ ওপৰত ইতিমধ্যে চিন্তা-চৰ্চা কৰি থকা হৈছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় দক্ষতা বৃদ্ধিৰ বাবে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰাৰো পৰিকল্পনা কৰা হৈছে। প্ৰতিৰোধী বন্ধু সকলক পূর্বতকৈ অধিক শক্তিশালী কৰাৰ অৰ্থে তেওঁলোকক পৰিচয় পত্ৰ,  ইউনিফৰ্ম আৰু জৰুৰী সা-সামগ্ৰী প্ৰদান কৰাৰ বিষয়েও চৰকাৰে বিশেষ গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে বুলিও মন্ত্ৰী গৰাকীয়ে সদৰি কৰে। তেওঁ প্ৰতিৰোধী বন্ধু সকলক দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু বিভাগীয় নীতি-নিৰ্দেশনা সমূহ ভালদৰে অধ্যয়ন কৰি ৰাইজৰ মাজত এই সম্পৰ্কে সচেতনতা বৃদ্ধিৰ বাবে উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে জিলাখনৰ প্ৰতিৰোধী বন্ধুসকলে অনাগত দিনত অধিক উদ্যম আৰু নিষ্ঠাৰে কৰ্ম সম্পাদন কৰি যাব বুলি দৃঢ় মতপোষণ কৰে। ৰাজহ মন্ত্ৰী গৰাকীয়ে প্ৰতিৰোধী বন্ধু সকলৰ লগত মত-বিনিময় কালত তেওঁলোকৰ অভাৱ আৰু সমস্যা সমূহৰ বিষয়ে বুজ লোৱাৰ লগতে এইসমূহ সমাধানকল্পে যথাযথ ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়ে। কালিৰ সভাত উপস্থিত প্ৰতিগৰাকী প্ৰতিৰোধী বন্ধুক ১০ খনকৈ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ প্ৰদান কৰে।

Leave A Reply