Breaking

গেলেকী তৈলক্ষেত্ৰত বহি:ৰাজ্যৰ ঠিকা প্ৰতিষ্ঠানৰ ভয়ংকৰ কাণ্ড : অহৰহ খাৰুৱা তেল নিৰ্গমন : বাঘজানৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকাত ভীতিগ্ৰষ্ঠ জনগণ ।

0 677

নাজিৰা : চৰকাৰী কৰ্তৃপক্ষ আৰু অইল ইণ্ডিয়া (লি)ৰ চৰম দায়িত্বহীনতাৰ বাবেই বাঘজানত সংঘটিত হোৱা ঘটনাৰ দৰে নাজিৰা মহকুমাৰ গেলেকী তৈলক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হোৱা আশংকা ঘনিভূত হৈ পৰিছে। দেশৰ মহাৰত্ন উদ্যোগ “তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদ” (অ’এনজিচি)ৰ লগতে দিল্লীস্থ অ’টিপিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই সমগ্ৰ অঞ্চলটোত ভয়াবহ প্ৰদূষণৰ সৃষ্টি হৈছে। গেলেকী তৈলক্ষত্ৰৰ অন্তৰ্গত গেলেকী আদৰ্শ গাঁৱত অ’এনজিচি আৰু দিল্লীৰ অ’টিপিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে প্ৰদূষণ নিয়ন্ত্ৰণৰ নামত মানৱৰ লগতে উদ্ভিদ আৰু মৎস্যকুলক তিলতিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়া ঘটনাক কেন্দ্ৰ কৰি গেলেকী তথা সমগ্ৰ নাজিৰা মহকুমা আৰু শিৱসাগৰ জিলাত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এই সন্দৰ্ভত সংবাদ মাধ্যমে তথ্য সহকাৰে দাঙি ধৰি আহিছে যদিও অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ,  অ’এনজিচি আৰু ঠিকিদাৰী প্ৰতিষ্ঠান কৰ্তৃপক্ষই ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি আহিছে। অ’এনজিচি অসম সম্পদৰ খনন আৰু উৎপাদন বিভাগৰ লগতে অ’টিপিএল প্ৰতিষ্ঠানে বিষাক্ত পদাৰ্থ জমা ৰাখিবৰ বাবে সু পৰিকল্পিত ব্যৱস্থা গ্ৰহণৰ বিপৰীতে নদীৰ পাৰত বৃহৎ পুখুৰী খান্দি এই বিষাক্ত পদাৰ্থ জমা ৰখাৰ উপৰি তৈলখাদটোৰ পৰা নিৰ্গত হোৱা খাৰুৱা তেলৰ গেদেৰীৰে সমগ্ৰ অঞ্চলটোলৈ বাঘজানত সংঘটিত হোৱা ঘটনাৰ দৰে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে। উল্লেখ্য যে, অ’এনজিচিয়ে ৰীগ সমূহৰ যোগেদি খাৰুৱা তেলৰ খনন কৰাৰ সময়ত হেজাৰ হেজাৰ ঘনলিটাৰ পানী প্ৰদূষিত হয়। এই পানী ইমানেই বিষাক্ত যে ইয়াক সেৱণ কৰিলে জীৱকুল তিলতিলকৈ মৃত্যুমুখত পৰাতো স্বাভাৱিক। আনকি খেতিপথাৰতো উৰ্বৰতা শক্তি লোপ পায়। অ’এনজিচিৰ এনে ভয়াবহ প্ৰদূষণৰ বাবে সম্প্ৰতি শিৱসাগৰ জিলাত ক্ৰমাগতভাৱে এৰী, মুগাৰ উৎপাদন হ্ৰাস পাই আহিছে। যিহেতু অ’এনজিচিয়ে খনন কাৰ্যত দুকুৰীৰোধিক বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে। তাৰে কেইবাবিধো ৰাসায়নিক পদাৰ্থ অতিকে বিষাক্ত। প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ নিৰ্দেশ অনুসৰি অ’এনজিচিয়ে এনে বিষাক্ত পানী সংগ্ৰহ কৰি এফ্লুৱেষ্ট ট্ৰিটমেণ্ট প্লাণ্ট (ই টি পি)ত পৰিশোধন কৰিব লাগে। পৰৱৰ্তী সময়ত এনে পৰিশোধিত পানী পুনৰ খনন কাৰ্যথ ব্যৱহাৰ কৰিব লাগে। এই ব্যৱস্থাটোৰ নামত অ’এনজিচিয়ে প্ৰতিমাহত কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও প্ৰদূষণ নিয়ন্ত্ৰণৰ পৰিৱৰ্তে একো একোটা অঞ্চল ভয়াবহ প্ৰদূষণে বিপদৰ ঘণ্টা বজাইছে। প্ৰত্যেকটো তেলখাদৰ কাষতে নিগমে প্ৰদূষিত পানী জমা ৰখাৰ বাবে একোটা পকু (টিপ) নিৰ্মাণ কৰিব লাগে। কিন্তু যোৱা তিনিটা দশক ধৰি অ’এনজিচিয়ে গেলেকী আদৰ্শ গাঁৱত বিষাক্ত পানী পৰিশোধনৰ নামত ভয়ংকৰ কাণ্ড সংঘটিত কৰি আহিছে। দুটা পকী পুখুৰীত হেজাৰ হেজাৰ ঘনলিটাৰ প্ৰদূষিত পানী জমা ৰাখি অতি কৌশলেৰে নগা পাহাৰৰ পৰা বৈ অহা বৰনৈ নামৰ উপনদীখনত এৰি দিছে। তাৰোপৰি এই পকী পুখুৰী কেইটাৰ পৰা অহৰহভাৱে নিৰ্গত হোৱা বিষাক্ত পানীয়ে সৃষ্টি কৰা ভয়াবহ প্ৰদূষণৰ উপৰি বাঘজানৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকাত অঞ্চলৰ জনগণৰ নিদ্ৰা হৰিছে। অ’এনজিচিয়ে দিল্লীৰ ঠিকাদাৰী প্ৰতিষ্ঠান অ টি পি এলৰ পৰা সঠিকভাৱে কাম আদায় ল’ব লাগে যদিও একাংশ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ তথাকথিত নেতাৰ কমিছনৰাজ আৰু অ’এনজিচিৰ একাংশ বিষয়াই ৰহস্যজনক কাৰণত অ’ টি পি এলক সহায়ৰ হাত উজান দিয়াৰ বিপৰীতে অঞ্চলটোলৈ ভয়াবহ প্ৰদূষণ আৰু ভয়ংকৰ ঘটনাৰ ফালে ঠেলি নিছে। আনহাতে প্ৰতিষ্ঠানটোৰ এই বিষাক্ত পানী নিৰ্গমন হৈ সমীপৰ জনগণৰ পুখুৰী, কুৱা, খেতিপথাৰ আদি ভয়াবহ ভাৱে প্ৰদূষিত কৰি তোলাত অঞ্চলটোৰ জনগণ খোৱা পানীৰ বাবেও হাহাকাৰ কৰিব লগা পৰিস্থিতি উদ্ভৱ হৈছে। বৰনৈ, পুখুৰী, জান আদিৰ পানী প্ৰদূষিত হৈ পৰাত মাছ, কাছ তথা জীৱকুলে অকালতে প্ৰাণ হেৰুৱাব লগা পৰিলক্ষিত হৈছে। এনে ভয়াবহ পৰিস্থিতি নিৰ্মূলৰ বাবে ৰাইজে স্থানীয় প্ৰশাসন,  অ’ এন জি চি কৰ্তৃপক্ষৰ ওচৰত নিবেদন জনাইছে। 

Leave A Reply