Breaking

কোহলীৰ প্ৰস্থানত সঁচাকৈয়ে সুখী নেকি ৰোহিত-ৰাহুল?

0 2,033

দক্ষিণ আফ্ৰিকা ভ্ৰমণত টেষ্ট শৃংখলাত পৰাজিত হোৱাৰ পাছত বিৰাট কোহলীয়ে দেওবাৰে হঠাতে ভাৰতীয় টেষ্ট দলৰ নেতৃত্বৰ পৰা পদত্যাগ কৰিছিল। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ গৰাকীয়ে অধিনায়ক পদৰ পৰা পদত্যাগ কৰা কথাটো এতিয়া সমগ্ৰ বিশ্বতে আলোচনা হৈছে। পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ৰছিদ লতিফেও কোহলী প্ৰসংগত মুখ খুলিছে। ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব ত্যাগ কৰাৰ বাবে ভাৰতৰ দুই তাৰকা অপেনাৰ লোকেশ ৰাহুল আৰু ৰোহিত শৰ্মালৈ আঙুলি টোঁৱাইছে ৰছিদ লতিফে।

ইউ টিউব শ্ব’ কট বিহাইণ্ডত ৰছিদ লতিফে কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ কয়, ‘কোহলী এগৰাকী বিশ্বমানৰ তাৰকা। ভাৰতে পৰৱৰ্তী সময়ত কাৰ ওপৰত অধিনায়কৰ দায়িত্ব অৰ্পন কৰিব? ৰোহিতৰ ফিটনেছ নাই। দক্ষিণ আফ্ৰিকা ভ্ৰমণতো তেওঁ দলৰ পৰা বাহিৰ হৈছিল। ইফালে অধিনায়কৰ বাবে যোগ্য নহয় ৰাহুল।’ পাকিস্তানৰ প্ৰাক্তন উইকেটকীপাৰ তথা বেটছমেনগৰাকীয়ে লগতে কয়, ‘ মই খেলুৱৈসকলৰ মানসিক অৱস্থাটো বুজি পোৱা নাই।

সকলোৰে ক্ৰিয়া-প্ৰতিক্ৰিয়া মই মন কৰিছো। লোকেশ ৰাহুল, ৰোহিত শৰ্মাৰ পৰা আদি কৰি প্ৰায় প্ৰতিগৰাকী খেলুৱৈ কোহলীয়ে অধিনায়ক পদ ত্যাগ কৰা কথাটো সহজে মানি লৈছে। কোহলীক ইমান ভাল খেলুৱৈ বুলি যদি ভাবেই তেনেহলে তেওঁৰ পদত্যাগৰ সিদ্ধান্ত ইমান সহজে গ্ৰহণ কৰাৰ যুক্তি কত? কথাবোৰ দেখি-শুনি এনে লাগিছে যেন কোহলীৰ পদত্যাগৰ বাবে ৰাহুল-ৰোহিতে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল। ’

মনকৰিবলগীয়া যে, কোহলীয়ে টেষ্ট অধিনায়কত্ব ত্যাগ কৰাৰ পাছত ৰোহিত শৰ্মা আৰু লোকেশ ৰাহুলৰ যিকোনো এজনে ভাৰতীয় দলৰ নতুন অধিনায়ক হোৱাৰ প্ৰধান দাবীদাৰ আছিল। সেয়েহে কোহলীৰ প্ৰস্থানক লৈ ৰোহিত-ৰাহুল অধিক আনন্দিত হৈ পৰা বুলি মনে ধৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীৰ। অৱশ্যে, কোহলীৰ পাছত কোনে ভাৰতীয় টেষ্ট ক্ৰিকেট দলক নেতৃত্ব দিব সেয়া এতিয়াও জনোৱা নাই ব’ৰ্ডে। এইক্ষেত্ৰত ব’ৰ্ডে খৰখেদা নকৰে বুলিও সদৰী কৰিছে কৰ্তৃপক্ষই।

Leave A Reply