Breaking

দৰঙত বছৰৰ প্ৰথমটো বানত কৃষকৰ বিস্তৰ ক্ষতি ৷ চপাব নোৱাৰিলে বড়ো ধানৰ খেতি ৷

0 48

জয়দেৱ ডেকা , দৰং 

দৰঙত বাৰিষাৰ প্ৰথমটো বানত কৃষকৰ বিস্তৰ ক্ষতি ৷ বানপানীৰ পূৰ্বে কৃষকে চপাব নোৱাৰিলে বড়ো ধানৰ খেতি ৷ বানপানীয়ে বড়ো ধানৰ খেতি বুৰাই পেলোৱাত মুৰে কপালে হাত দিছে কৃষকে ৷ দৰং জিলাৰ পাথৰিঘাট মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চৰাদল পথাৰত কৃষকে মুৰৰ ঘাম মাটিত পেলাই কৰা বড়ো ধানৰ খেতি এতিয়া পানীৰ তলত ৷ এফালে দীঘলীয়া লকডাউনৰ ফলত সাধাৰণ কৃষক সকলৰ পানীত হাঁহ নচৰা অৱস্থা ৷ আনহাতে বাৰিষাৰ প্ৰথমটো বানে কাঢ়ি নিলে বহু কষ্টৰে উপাৰ্জিত গাঠিৰ ধন খৰছ কৰি কৰা বড়ো ধানৰ খেতি ৷ প্ৰায় এক হাজাৰ বিঘা মাটিত কৰা বড়ো ধানৰ খেতি বানপানীৰ কৱলত পৰাত কৃষি মন্ত্ৰী অতুল বৰাক হাতযোৰ কৰি কাতৰ অনুৰোধ জনাইছে কৃষকে ৷ কৃষক সকলক যেন উপযুক্ত ক্ষতি পূৰণ দিয়ে ৷ উল্লেখ্য যে -পাথৰিঘাট কৃষি মহকুমাৰ অন্তৰ্গত প্ৰায় ১ হাজাৰ হেক্টৰ মাটিৰ কৃষি বছৰৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত হৈছে ৷ যথোপযুক্ত ক্ষতি পূৰণ নাপালে কৃষক সকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হব বুলি কৃষক সকলে জানিব দিছে ৷

Leave A Reply