Breaking

ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত,ওৰাং ,মাজবাট,ৰৌতাত ১০হেজাৰৰো অধিক হিতাধিকাৰীক কভিড ১৯ৰ টীকাকৰণ প্ৰদান

0 2,046

ওদালগুৰি জিলাৰ ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যোৱা ১৬মাৰ্চ তাৰিখৰ পৰা বৰ্তমানলৈ ৩য় পৰ্যায়ৰ কভিড টীকাকৰণৰ চলি  আছে ৷ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ লগতে সকলো চৰকাৰী স্বাস্থ্য কেন্দ্ৰত টীকাকৰণ বিনামূলীয়াকৈ প্ৰদান কৰি থকা হৈছে ৷ ৪৫বছৰৰ পৰা ৬০বছৰ বা ওপৰৰ বয়সৰ সকলো নাগৰিক,আনুষাংগিক ৰোগাক্ৰান্ত ৪৫ৰ পৰা ৫৯ বছৰ বয়সৰ সকলো নাগৰিক,ইতিমধ্যে পঞ্জীভূত হোৱা আৰু আগশাৰীৰ কৰ্মী তথা হিতাধিকাৰী সকলক কভিড টীকাকৰণ দি থকা হৈছে ৷হিতাধিকাৰী সকলে ক’ৱিন প’ৰ্টেলত বা আৰোগ্য সেতু এপ্‌ৰ দ্বাৰা পঞ্জীয়ন কৰিব পাৰিব ৷যোগ্য হিতাধিকাৰী সকলে পোনপটীয়া টীকাকৰণ কেন্দ্ৰলৈ গৈ পঞ্জীয়ন কৰিব পাৰিব ৷টীকাকৰণ লবলৈ আগ্ৰহী সকলে আধাৰ কাৰ্ড,নিৰ্বাচনী ফটো পৰিচয় পত্ৰ,ড্ৰাইভিং লাইচেঞ্চ,পান কাৰ্ড,পাচপোৰ্ট,ভোটাৰ আই ডি কাৰ্ড,সংস্থাপন কাৰ্ডৰ যি কোনো এবিধ প্ৰমান পত্ৰ লগত লৈ আহিব লাগিব বুলি স্বাস্থ্য বিভাগে জনাইছে ৷ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কভিড প্ৰশিক্ষণপ্ৰাপ্ত এ এন এম  নীতা দেবী,সীমা বেগম,সবিতা ডেকা,মঞ্জু দেবী,চম্পা বসুমতাৰী,আল্পনা বিশ্বাস,মিনতি ডেকা,এছ ডব্লিউ বিপ্লবজ্যোতি ডেকা,বি এইচ ডব্লিউ গজেন চন্দ্ৰ বড়ো,আশা  চুপাৰভাইজাৰ তৰুলতা শইকীয়া পতংগীয়া, সহযোগ টীকাকৰণ প্ৰদান কৰা হয় ৷আনহাতে মাজবাট ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত  এএন এম অৰ্পনা মোছাহাৰী,মহিমা কুৰ্মী ,দুলুমনি হাজৰিকা,আশা চুপাৰ ভাইজাৰ অৰ্চনা ডেকা, ৰঞ্জনা দাস ৰাভা ,পাপৰি সন্দিকৈ সহযোগত  হিতাধীকাৰীক কভিডৰ টীকাকৰণ কৰা হয় ৷আৰু ৰৌতা আদৰ্শ চিকিৎসালয়ত  হিতাধিকাৰীক লৈ মুঠ ১০ হেজাৰৰো অধিক  হিতাধিকাৰীক কভিডৰ টীকাকৰণ কৰা হৈছে ৷ উল্লেখযোগ্য যে টীকাকৰণৰ পিছতো কভিডৰ নিয়মাৱলী-মাক্স পৰিধান ,চাবোন আৰু পানীৰে নিয়মিতভাৱে নিজৰ হাত ধুই থাকিব লাগিব ,দুই গজৰ শাৰীৰিক দূৰত্ব মানি চলিবলৈ আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ৷কেন্দ্ৰ সমুহৰ টিকাকৰণ অনুষ্ঠান বোৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ বিপিএম পংকজ সভাপণ্ডিতে সুচাৰু ৰুপে পৰিচালনা কৰা দেখিবলৈ পোবা গৈছে ৷ ইতিমধ্যে কভিড ১৯ ৰ ভেকচিন প্ৰদান কৰি থকা কেন্দ্ৰ ক্ৰমে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,মাজবাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ,ৰৌতা আদৰ্শ চিকিৎসালয়,ধনশ্ৰীঘাট নতুন প্ৰাথমিক স্বাস্থ্য  কেন্দ্ৰৰ  লগতে লামাবাৰী,ধনশ্ৰী,বাহিপুখুৰী,বেটিবাৰী,লামাবাৰী চাহ বাগিছা চিকিৎসালয়,ফটাশিমলু,ঝাৰগাওঁ,পাঠকপুৰ,বৰঝাৰ আশ্ৰম ,বালিগাওঁ পানবাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, আদিৰ উপৰিও ৰমজান মাহৰ পিছত পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ভেকচিনেশ্যন  কৰাৰ সুব্যৱস্থা গ্ৰহন কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ পৰা জনাইছে ৷আনহাতে  সমগ্ৰ দেশতে ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰনা মহামাৰী ওদালগুৰি জিলাত দিনে দিনে  দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। স্বাস্হ্য বিভাগৰ তথ্য মতে ৫ মেলৈ  ওদালগুৰিত ৫১জনকৈ লোক কৰোনাৰ আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত  ৫ মেলৈ   আক্ৰান্তৰ সংখ্যা ২৬০ জনলৈ বৃদ্ধি পালে ।স্বাস্হ্য বিভাগৰ সুত্ৰে জানিব পৰা মতে বৰ্তমানলৈ ৫১ গৰাকী কৰোনা আক্ৰান্ত চিকিৎসাধীন হৈ আছে।ইয়াৰ ভিতৰৰ ৩৭গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ২৬০ গৰাকী হোম আইচিলেচনত আছে। সকলো ৰাইজকে  সজাগ হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি নীতি নিৰ্দেশনা  চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়। ।

Leave A Reply