Breaking

ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ বাঢ়নি পানীত প্লাৱিত নামনি মাজুলীৰ কৰতিপাৰ গাওঁ পঞ্চায়ত ; বান সাহাৰ্য শিবিৰ মুকলি ।

0 845

উজনি-মাজুলী: ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে মাজুলী জিলাৰ মঠাউৰিৰ বাহিৰ ফালে থকা এলেকাসমূহ প্লাৱিত কৰিছে। ইতিমধ্যে জিলা প্ৰশাসনে বানৰ কৱলত পৰা জনসাধাৰণক আপাতকালীন সহায়-সাহাৰ্য আগবঢ়াবলৈ জিলাখনৰ দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰণালী সস্তম কৰি তুলিছে। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰিৰ বাঢ়নি পানীৰ প্ৰভাৱত পৰা নামনি মাজুলীৰ কৰতিপাৰ গাঁও পঞ্চায়ত এলেকাৰ কৰতিপাৰ হাইস্কুলত জিলা প্ৰশাসনে আজি দুপৰীয়া চলিত বৰ্ষৰ প্ৰথমটো বান সাহাৰ্য শিবিৰ মুকলি কৰে। এই শিবিৰত মলুৱাল কলিতা গাঁৱৰ তিনিটা বন্যাৰ্ত পৰিয়ালৰ ১৫গৰাকী সদস্যই আশ্ৰয় গ্ৰহণ কৰিছে। প্ৰশাসনে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰযোজ্য হৈ থকা সকলো জৰুৰী সতৰ্কতামূলক কাৰ্যব্যৱস্থা গ্ৰহণৰ লগতে প্ৰট’কল অনুসৰণ কৰি এই সাহাৰ্য শিবিৰ পৰিচালনাৰ ব্যৱস্থা কৰিছে। শিবিৰাৰ্থী বন্যাৰ্ত লোকসকলৰ প্ৰতিগৰাকীকে শিবিৰলৈ অহাৰ সময়তে জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা টেম্পেৰেচাৰ স্ক্ৰীণিঙ কৰাৰ উপৰি প্ৰশাসনৰ ফালৰ পৰা মাস্ক আৰু হাত ধোৱাৰ সামগ্ৰী আদি যোগান ধৰা হয়। শিবিৰত স্বাস্থ্য বিভাগৰ এটা দলো ইতিমধ্যে নিয়োজিত কৰা হৈছে। মাজুলীৰ উপায়ুক্ত শ্ৰীবিক্ৰম কৈৰী, আইএএছে দুপৰীয়া এই শিবিৰ পৰিদৰ্শন কৰি শিবিৰাৰ্থীসকললৈ প্ৰশাসনৰ ফালৰ পৰা আগবঢ়োৱা সা-সুবিধাৰ বুজ লোৱাৰ  লগতে শিবিৰত ক’ভিড-১৯ প্ৰট’কল কেনেদৰে অনুসৰণ কৰা হৈছে, সেয়া নিৰীক্ষণ কৰে। একেদৰে মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অচ্যুৎ বৰুৱায়ো বিয়লি শিবিৰটো পৰিদৰ্শন কৰি শিবিৰাৰ্থী সকলৰ খবৰ লয়।  

Leave A Reply