Breaking

মেকিপুৰ চাহ বাগিছাত “পৰিয়াল পৰিকল্পনা মেলা ” সম্পন্ন

0 1,054

নাজিৰা মহকুমাৰ গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত মেকিপুৰ চাহ বাগিছাৰ প্ৰেক্ষাগৃহত  এখনি “পৰিয়াল পৰিকল্পনা মেলা” অনুষ্ঠিত হয়। এই উপলক্ষে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ চালমা চুলতানা আহমেদৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি চি এম মৃদুপৱন পাত্ৰই উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে । সভাত মুখ্য অতিথি হিচাপে নাজিৰাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ উপস্থিত থাকি চাহ বাগিছা এলেকাত অনুষ্ঠিত এনেধৰণৰ মেলাই বাগিছাৰ লোকসকলৰ সুস্থ পৰিয়াল গঢ়ি তোলাত বিশেষ ভাৱে সহায় কৰিব বুলি উল্লেখ কৰে। শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হেমন্ত বৰুৱাই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পৰিয়াল পৰিকল্পনাৰ স্থায়ী আৰু অস্হায়ী পদ্ধতি সমূহ কেনেকৈ চৰকাৰে বিনামূলীয়াকৈ ৰাইজৰ বাবে আগবঢ়াইছে তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰি এই সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মুবিদুৰ ৰহমানে বৰ্তমান সময়ত পৰিয়াল পৰিকল্পনাৰ আৱশ্যকতাৰ ওপৰত তথ্য সহকাৰে বক্তব্য প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বহু বিবাহ, বাল্য বিবাহ আদি বন্ধ হলেহে চৰকাৰৰ আঁচনি সমূহ সফল হব বুলি উল্লেখ কৰে। নাজিৰা লিগিৰীপুখুৰীস্হিত মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কুকিল গগৈয়ে ভাষণ প্ৰসংগত স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰমত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা আৰু যোগাত্মক দিশটোৰ প্ৰতি লক্ষ্য ৰখাৰ প্ৰয়োজন বুলি উল্লেখ কৰি পৰিয়াল পৰিকল্পনাই সমাজত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ নিম্নগামী কৰাত যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে।

সভাত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ বিনা বৰদলৈ, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া (নাজিৰা সদৰ) ডাঃ প্ৰদ্যুৎ কোঁৱৰ, আঠখেল জিলা পৰিষদৰ সদস্য হেমন্ত ৰাজখোৱা, মেকিপুৰ চাহ বাগিছাৰ পৰিচালক অজয় কুমাৰ ত্ৰিপাঠী, অসম চাহ মজদুৰ সন্থাৰ সাধাৰণ সম্পাদক দেবেন ৰবিদাস, বিভিন্ন খণ্ডৰ চিকিৎসা বিষয়া ডাঃ বিপুল বৰুৱা, ডাঃ প্ৰাঞ্জল চহৰীয়া, ডাঃ উত্তৰা ফুকনকে প্ৰমূখ্য কৰি ভালেকেইজন বিশিষ্ট ব্যক্তিৰ লগতে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ সকলো স্বাস্থ্য কৰ্মী, আশা চুপাৰভাইজাৰ, আশাকৰ্মী সকল আৰু শতাধিক স্হানীয় ৰাইজ উপস্থিত থাকে ।উল্লেখযোগ্য যে – গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ চালমা চুলতানা আহমেদৰ সক্ৰিয় তত্বাৱধানত অনুষ্ঠিত এই পৰিয়াল পৰিকল্পনা মেলাত অন্তৰা টিকাকৰণ, ক’পাৰ টি, নিৰোধ, গৰ্ভনিৰোধকৰ বড়িৰ বিপনীৰ লগতে বিনামূলীয়াকৈ মধুমেহ ৰোগ আৰু ৰক্তচাপ পৰীক্ষাৰ ব্যৱস্থাও কৰা হয়।

Leave A Reply