Breaking

ক’ৰোনা আতংকৰ মাজতে দৰঙত অব্যাহত চোৰাং বেহা : পানেৰীত উদ্ধাৰ ৰঙামাটিৰ চাউল

0 329

মঙলদৈ

ক’ৰোনা মহামাৰীত সমগ্ৰ দেশৰ জনতা ককবকাই থকাৰ সময়তে বিনামূলীয়া সামগ্ৰীৰ চোৰাং ব্যৱসায়ীয়ে চলাই নিচে ৰমৰমীয়া ব্যৱসায়৷ ক’ৰোনা  মহামাৰীৰ বাবে চলি থকা লকডাউনৰ মাজতো অব্যাহত আছে একাংশ নীচ মনোবৃত্তিৰ ব্যৱসায়ীৰ চোৰাং বেহা৷ শেহতীয়াভাৱে ভাৰতীয় খাদ্য নিগমৰ পৰা মঙলদৈ ৰঙামাটিলৈ সমবায়লৈ সৰবৰাহ কৰিব লগা এক ট্ৰাক চাউল উদ্ধাৰ হৈছে পানেৰীত৷ একেদৰে মঙলদৈ চহৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি অনুযায়ী বিনামূলীয়াকৈ বিতৰণ কৰিব লগীয়া মচুৰ দাইল বস্তাই বস্তাই মজুত হৈছে মঙলদৈ একাংশ ব্যৱসায়ীৰ গুদামত৷ লক্ষ্যনীয় যে টংলাৰ টোকানকাটাত অৱস্থিত ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা ১৯৫ বস্তা ৰাজহুৱা বিতৰণৰ চাউল উদ্ধাৰ হয় পানেৰী থানাৰ অন্তগৰ্ত কচুবিল গাঁৱত৷ এ এছ ২৫ চি চি ৪২১০ নম্বৰৰ ট্ৰাক খনেৰে মঙলদৈৰ ৰঙামাটি সমবায় সমিতিলৈ লকডাউনৰ বিশেষ কোটাৰ চাউল অনাৰ কথা আছিল৷ ট্ৰাকখন কিন্তু পানেৰী থানাৰ অন্তগৰ্ত কচুবিল গাঁৱত উদ্ধাৰ হয়৷ নিশা দুৰ্ভাগ্যক্ৰমে ট্ৰাকখন বোকাত আবদ্ধ হোৱাৰ পাছত চালকে পলায়ন কৰে আৰু আৰক্ষীয়ে চাউলখিনি জব্দ কৰিব সক্ষম হয়৷ দীৰ্ঘদিন ধৰি চাউলৰ চোৰাং বেহা চলি অহাৰ মাজতে বিজেপি চৰকাৰৰ আমোলত কিছু হ্ৰাস পাইছিল যদিও লকডাউনত সংকটত আবদ্ধ দুখীয়া লোকৰ ভাত মুঠি কাঢ়ি খোৱা চক্ৰই মানৱতাৰ শেষ সীমাও পাহৰি গ’ল৷ ৰঙামাটিৰ ৰাইজে এই চক্ৰটোক কৰায়ত্ত কৰি লকডাউনত ঘোষিত শাস্তি বিহিবলৈ দাবী জনাইছে৷ ইপিনে দেশৰ প্ৰধানমন্ত্ৰীয়ে লকডাউনত ঘোষণা কৰা পেকেজ অনুযায়ী দৰিদ্ৰ সীমাৰেখাৰ তলৰ দুখীয়া পৰিয়ালসমূহক এক কিলোকৈ মাহেকত চাৰি কিলো মচুৰ দাইল বিনামূলীয়াকৈ প্ৰদানৰ ঘোষণা কৰিছিল৷ দিল্লীৰ পৰা নট ফৰ ছেল লিখা এনে মচুৰ দাইলৰ বেগ মঙলদৈ চহৰৰ একাংশ পাইকাৰী গেলামাল ব্যৱসায়ীৰ গুদামত মজুত কৰি ৰখা হৈছে৷ এনে এগৰাকী ব্যৱসায়ীক দুদিন পূৰ্বে মঙলদৈৰ থানালৈ তদন্তৰ বাবে লৈ যোৱা হয়৷ আশ্চৰ্যজনকভাৱে ব্যৱসায়ীটোয়ে গুৱাহাটীৰ ফাঁচী বজাৰৰ কোনো বিশেষ দোকানৰ পৰা ক্ৰয় কৰা নথিপত্ৰ আৰক্ষীৰ আগত প্ৰদৰ্শন কৰে৷ স্বাভাৱিকতে প্ৰশ্ন হয় নট ফৰ ছেল লিখা ৫০ কেজিৰ একোটা বস্তা কিদৰে বেচা কিনা হ’ব পাৰে সেয়াই এতিয়া ৰহস্যৰ বিষয়৷

Leave A Reply