Breaking

দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত পুষ্প উদ্যানৰ বাবে আৰ্থিক সাহায্য প্ৰদান সত্যজিৎ বৈশ্যৰ

0 1,556

দিপীলা , ১৩ অক্টোবৰ : দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পুষ্প উদ্যানৰ বাবে এক লাখ টকা আগবঢ়ালে সাংস্কৃতিক কৰ্মী তথা ব্যৱসায়ী সত্যজিৎ বৈশ্যই ৷ পিতৃৰ সোঁৱৰণত এই ধনৰাশি প্ৰদান কৰে ৪৫০ বছৰ পূৰ্বে মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোবিন্দ আতৈ প্ৰতিষ্ঠা কৰা খটৰা সত্ৰত ৷ সত্ৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে সত্ৰৰ সন্মুখত নিৰ্মাণ কৰা পুষ্প উদ্যানৰ বাবে এই ধন প্ৰদান কৰে সত্যজিৎ বৈশ্যই ৷ খটৰা সত্ৰৰ পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত , সত্ৰৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত আৰু সম্পাদক গংগা ৰাম বৈশ্যৰ হাতত সত্যজিৎ বৈশ্য , পত্নী চন্দ্ৰমা বৈশ্য , পুত্ৰ বিক্ৰমজিৎ বৈশ্য , কন্যা ৰাখী বৈশ্য আৰু ভাতৃ তপন বৈশ্যই এক লাখ টকা প্ৰদান কৰে ৷ খটৰা সত্ৰৰ পৰিচালনা সমিতিয়ে সত্যজিৎ বৈশ্যৰ লগতে পৰিয়ালবৰ্গক মহানুভৱতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷ উল্লেখযোগ্য যে সত্যজিৎ বৈশ্যৰ পিতৃ ৰমণী বৈশ্য আছিল ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ প্ৰাক্তন ধন ভড়ালী আৰু হিচাপ পৰিক্ষক ৷ সত্ৰখনৰ প্ৰতি থকা পিতৃৰ অনবদ্য অৱদানৰ বাবে সুযোগ্য সন্তান সত্যজিৎ বৈশ্যই প্ৰয়াত পিতৃৰ সোঁৱৰণত পুষ্প উদ্যান নিৰ্মাণ ৰ বাবে এই এক লাখ টকা আগবঢ়ায় ৷ এগৰাকী সাংস্কৃতিক কৰ্মী , ব্যৱসায়ী আৰু সমাজসেৱক হিচাবে পৰিচিত সত্যজিৎ বৈশ্যই খটৰা সত্ৰৰ ৪৫০ বছৰীয়া জয়ন্তীত পিতৃৰ সোঁৱৰণত এক লাখ আগবঢ়াম বুলি ঘোষণা কৰিছিল সত্ৰৰ পুষ্প উদ্যানৰ বাবে ৷ ইতিমধ্যে পুষ্প উদ্যানৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সত্ৰৰ সন্মুখভাগত ৷ সত্ৰখনলৈ অহা যাত্ৰী সকলে পুষ্প উদ্যানৰ মনোৰম দৃশ্য উপভোগ কৰাৰ লগতে সত্ৰৰ সৌন্দৰ্য সোনত সুৱগা হব বুলি আশা কৰিছে সত্ৰ পৰিচালনা সমিতিয়ে ৷

Leave A Reply