Breaking

ৰৌতাৰ কুঁৰুৱাবাহী গাঁৱত বাইক চুৰি

0 1,022

ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি অঞ্চলটোৰ বিভিন্ন অঞ্চলত এই কেইদিন চোৰে উপদ্ৰৱ চলাই গৃহস্থৰ নিন্দ্ৰাহৰণ কৰিছে । বিগত কেই দিনমান আগতে ইয়াৰ সমীপৱৰ্তী গেলাবিলত এগৰাকী মহিলাৰ দিন দূপৰতে সোণ,ৰূপৰ গহনাসহ নগদ ধনলৈ উধাও হোৱাৰ লগতে  ৰুপেশ্বৰ বৰা নামৰ লোক জনৰ ঘৰত ফুট গধূলিতে চোৰে বহু মূল্যৱান সামগ্ৰী চুৰ কৰি নিয়াৰ উপৰিও বয় বস্তুবোৰ লণ্ড ভণ্ড কৰি থৈ যায।

সম্ভৱত কেবাটাও ভাগত বিভক্ত হৈ থকা এই চোৰৰ দলটোৱে দফলাপোটা , মাজগাঁও, নয়নপাৰা ,বাগান গেট ইত্যাদি কেবাখনো গাঁৱত চোৰে গৃহস্থৰ নিদ্ৰহৰণ কৰাৰ পাছত আকৌ কুৰুৱাবাহী গাঁৱৰ পৰা ২৮ ডিচেম্বৰৰ নিশা সন্ধিয়া ৬ মান বজাতে ৰবি ৰাম বসুমতাৰীয়ে ঘৰৰ ভিতৰত সোমাই থৈ দিয়া এ  এচ -১২  ,ডি-৭৬১৬ নম্বৰৰ চি ডি ডিলাক্স হিৰ হোণ্ডা খন চুৰি কৰি লৈ যায় । এই সন্দৰ্ভত আজি ভুক্তভোগী ৰবিৰাম বসুমতাৰীয়ে স্হানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

Leave A Reply