Breaking

টংলাত ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ লগতে ৰাভা জাতীয় সংগঠনৰ যৌথ উদ্যোগত উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি মুণ্ডন কাৰ্যসূচী

0 147

সুদক্ষ আৰক্ষী বিষয়া এছ আই জোনমণি ৰাভাৰ আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দিনা জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ক্ষিপ্ৰ তদন্তৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত টংলা নগৰৰ চাৰিআলিত ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ লগতে ৰাভা জাতীয় সংগঠনৰ যৌথ উদ্যোগত আজি সমূহীয়া “মুণ্ডন কাৰ্যসূচী” গ্ৰহণ কৰে।

জোনমনি ৰাভাৰ হত্যাৰ বিচাৰ লাগিব,লীনা দলেক গ্ৰেপ্তাৰ কৰক ,ৰুণা নেওগক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে টংলা চাৰি আলি উত্তাল কৰি তোলে।

মুণ্ডনেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি নেতৃবৃন্দই জোনমনি ৰাভাই ন্যায় নোপোৱালৈকে ,হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰালৈকৈ আন্দোলন , সংগ্ৰামী কাৰ্যসূচী অব্যাহত থাকিব বুলি জানিব দিয়ে।

Leave A Reply