Breaking

ওদালগুৰিত সামুহিক বিবাহ সংস্কাৰেৰে ২৭৮ যোৰা দম্পতীয়ে একেলগে যজ্ঞক সাক্ষী কৰি জীৱনৰ পাতনি মেলিব

0 82

সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ ওদালগুৰি জিলা সমিতি আৰু ওদালগুৰি জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু হান্স ফাউণ্ডেচনৰ সহযোগত ওদালগুৰি জিলাৰ মনপুৰ মিনি স্টেডিয়ামত ৯ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা বিভিন্ন জনগোষ্ঠীৰ প্ৰায় ২৭৮ যোৰা দম্পতিয়ে নিজ নিজ ধৰ্মীয় ৰীতি-নীতি পৰম্পৰাৰে বিবাহপাশত আবদ্ধ হয়। আজি মনপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত বৃহৎ বিবাব মণ্ডপত দম্পতী সকলে নিজ নিজ ধৰ্মীয় পৰম্পৰাৰে হিন্দু ধৰ্মৰ বিভিন্ন জনগোষ্ঠীৰ সামুহিক বিবাহ সংস্কাৰৰ অনুষ্ঠানত অংশ গ্ৰহন কৰে।

গোৰ্খা, বড়ো, আদিবাসী, চানতালী, ৰাভা, একশৰনীয়া, বাঙালীকে ধৰি অনান্য জনগোষ্ঠীৰ আৰ্থিকভাবে দুৰ্বল দম্পতি সকৱক বিবাহ মণ্ডপতে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা নিত্য প্ৰয়োজনীয় সা-সামগ্ৰীকে ধৰি নিত্য ব্যৱহাৰ্য্য বয় বস্তুও হান্স ফাউণ্ডেচনে প্ৰদান কৰে।সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু গন্স ফাউণ্ডেচনৰ তত্বাৱধানত হবলগীয়া বিশাল বিবাহ সংস্কাৰ অনুষ্ঠানত সকলো ৰাইজক উপস্থিত থাকি বিবাহিত দম্পতিক আশীষ প্ৰদান কৰে। সীমান্ত চেতনা মঞ্চ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মিনন মোছাহীৰীকে ধৰি সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ ৰাভা, সাধাৰণ সম্পাদক অশোক ছেত্ৰী, বিবাহ সংস্কাৰ সমিতিৰ প্ৰমুখ গোপেশ্বৰ কিস্কু আদিয়ে বিবাহ সংস্কাৰ অনুষ্ঠান সফল কৰি তোলাত সহযোগিতা আগবঢ়ায়‌।

Leave A Reply