Breaking

উত্তৰ প্ৰদেশত ঘৰৰ ওচৰৰ সৰিয়হতলীৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ…

0 55

ঘৰৰ ওচৰৰ সৰিয়হতলীৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ। যোৱা দুদিন ধৰি কিশোৰীগৰাকী সন্ধানহীন হৈ আছিল। কিশোৰীগৰাকীৰ পৰিয়ালে ওচৰৰ আৰক্ষী থানাত অপহৰণৰ অভিযোগ দাখিল কৰিছিল।

ঘটনাটো উত্তৰ প্ৰদেশৰ বুদাউনত সংঘটিত হৈছে। মৃত ছোৱালীজনীৰ বয়স ১৭ বছৰ। শনিবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, ছোৱালীজনীৰ মৃতদেহটো তাইৰ ঘৰৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত সৰিয়হতলীত পৰি আছিল।

আৰক্ষীয়ে জনোৱা মতে, ছোৱালীজনীৰ পৰিয়াল কেইবছৰমান আগতে বুদাউন চহৰলৈ আহিছিল। আগতে তেওঁলোকে আন ঠাইত বাস কৰিছিল। পৰিয়ালৰ সদস্য আৰু আত্মীয়সকলে হত্যাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁলোকে কয় যে ছোৱালীজনীক শুকুৰবাৰৰ পৰা বিচাৰি উলিয়াব পৰা নগ’ল। বহুত অনুসন্ধান কৰাৰ পিছতো পৰিয়ালটোৱে ছোৱালীজনী ক’ত আছে জানিব পৰা  নাছিল আৰু আৰক্ষীৰ কাষ চাপিছিল। তেওঁলোকে আৰক্ষী চকীলৈ গৈ তেওঁলোকৰ ছোৱালীক অপহৰণ কৰা বুলি অভিযোগ দাখিল কৰিছিল। আৰক্ষীয়ে সেই অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰিছে।

তাৰ পিছতে ছোৱালীজনীৰ মৃতদেহ ঘৰৰ ওচৰৰ সৰিয়হপথাৰত পোৱা গৈছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পালে বহুত জনা যাব বুলি ধাৰণা কৰা হৈছে।

Leave A Reply