Breaking

কৰ্প’ৰেট আইন উলংঘা অইলৰ, উচ্ছ পৰ্যায় তদন্তৰ দাবী মটক যুৱ ছাত্ৰৰ

0 1,288

তিনিচুকীয়া : বাঘজানৰ ৫নং বি জি আৰ নিৰ্গত গেছৰ জুইয়ে ক্ষতি কৰা পৰিয়ালক অইল ইণ্ডিয়াই কৰ্পৰেট আইন উলংঘা চি এচ আৰ ফাণ্ডৰ পৰা সাহাৰ্য প্ৰদান কৰাত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অইল ইণ্ডিয়াই ৰাজহুৱা উন্নয়নৰ ধনেৰে বাঘজানৰ ১১টা পৰিয়ালক ২০ লাখকৈ মুঠ ২.২০ কৌটি টকা প্ৰদান আৰু আশ্ৰয় শিবিৰত থকা প্ৰায় ৭৫০০ লোকক আহাৰ যোগানৰ নামত দৈনিক পাঁচশ টকাকৈ চি এচ আৰ ফাণ্ডৰ পৰা প্ৰদান কৰি কৰ্পৰেট আইন উলংঘা কৰিছে। অইলে প্ৰদান কৰা ক্ষতিপূৰণৰ ধন চি এচ আৰ ফাণ্ডৰ পৰা প্ৰদান কৰা বুলি যোৱা ১৭ জুলাইত তিনিচুকীয়া জিলা উপায়ুক্তই জাৰি কৰা জাননীত উল্লেখ আছে। ৰাজহুৱা উন্নয়নৰ ধন কেনেকৈ ক্ষতিগ্ৰস্ত পৰিয়ালক অইলে প্ৰদান কৰিলে ইয়াৰ এক উচ্ছ পৰ্যায় তদন্ত দাবী কৰি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে পেট্ৰলিয়াম মন্ত্ৰী ৰ্ধমেন্দ্ৰ প্ৰধানলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

Leave A Reply