Breaking

দৰঙত ৰাজ্যৰ বাহিৰৰ পৰা অহা লোকক চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা

0 61

মঙলদৈ

ৰাজ্যৰ বাহিৰৰ পৰা আহি দৰঙত উপস্হিত হোৱা লোকৰ স‌ংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ শুকুৰবাৰে পুৱতি নিশাও ১৫ জনকৈ লোক আহি উপস্থিত হৈছে  জিলাখনত৷ আৰক্ষীৰ সহযোগত এই লোকসকলক চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে চিকিৎসালয়ত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে তিনিজনক ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ৰখাৰ বিপৰীতে  দুজনকৈ লোকক দুনী আদৰ্শ চিকিৎসালয় আৰু খাৰুপেটীয়া সামূহিক চিকিৎসালয়ত আৰু ৮ জন লোকক মঙলদৈ অসামৰিক চিকিৎসালয়ত আছুতীয়াকৈ ৰখা হৈছে। লক্ষ্যণীয়ভাৱে মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰখা ৮ জন লোকৰ ভিতৰত এগৰাকী কৰ্কট ৰোগী৷ ইতিমধ্যে  আটাইকেইজনৰে  শ্লেষৰ নমুনা সংগ্ৰহ কৰি কভি’ড- ১৯ৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে এই আটাইকেইজনলোক চেন্নাইৰ পৰা ৰে’লযোগে আহি দৰঙত উপস্থিত হৈছিল। বৃহস্পতিবাৰে উপস্থিত হোৱা ছজন লোককে ধৰি এতিয়ালৈকে বহিঃৰাজ্যৰ পৰা আহি দৰঙত উপস্থিত হোৱা লোকৰ সংখ্যা দুটি শিশুসহ হ’লগৈ মুঠ ২১ জন৷ ইফালে বৃহস্পতিবাৰে ৫৮ টা শ্লেষৰ নমুনা কভিড-১৯ৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে দৰং জিলা স্বাস্থ্য বিভাগে৷ আনহাতে বুধবাৰ পৰ্যন্ত জিলাখনৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ পঠিওৱা ৫৫৮ টা  শ্লেষৰ নমুনাৰ  ভিতৰত ৩৯১ টা নমুনাৰ প্ৰতিবেদন দৰং জিলা স্বাস্থ্য বিভাগৰ হাতত আহি পৰিছে আৰু কোনোটো নমুনাতেই কভিড-১৯ ৰ উপস্থিতি ধৰা পৰা নাই।

Leave A Reply