Breaking

নিৰ্মল হালৈ মহাবিদ্যালয়ৰ গ্ৰন্থগাৰত “আমাৰ পাটাছাৰকুছি” শীৰ্ষক গ্রন্থ সংগ্ৰহ কেন্দ্ৰ উদ্বোধন…

0 32

দুমাহ পূৰ্বে যোগদান কৰা পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ নৱ নিযুক্ত অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই মহাবিদ্যালয়খনক সামগ্ৰীক দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্যে অতি কম সময়ৰ ভিতৰতে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। ইয়াৰ অংশ হিচাপে গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ তথা পাটাছাৰকুছি অঞ্চলক জনমানসত অধিক উদ্ভাসিত কৰাৰ উদ্দেশ্যেৰে মহাবিদ্যালয়খনৰ কেন্দ্ৰীয় গ্ৰন্থগাৰত স্থাপিত “আমাৰ পাটাছাৰকুছি” শীৰ্ষক বৃহত্তৰ পাটাছাৰকুছি অঞ্চলৰ প্ৰকাশিত বিশেষ গ্রন্থ সংগ্ৰহ কেন্দ্ৰ এটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা পাটাছাৰকুছিৰ সু সন্তান ড° বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে।

আনহাতে অসম লোকসেৱা আয়োগ আদিৰ দৰে প্ৰতিযোগীতামূলক পৰীক্ষাত পৰীক্ষাৰ্থীৰ সহায়ক হোৱাকৈ প্ৰয়োজনীয় গ্ৰন্থৰ মুজুতেৰে মহাবিদ্যালয়খনৰ কেন্দ্ৰীয় গ্ৰন্থগাৰতে স্থাপন কৰিবলৈ লোৱা গুৰুত্বপূৰ্ণ ষ্টলটো একেলগে উদ্বোধন কৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ তথা পাটাছাৰকুছিৰ সু সন্তান ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। এই উপলক্ষে মহাবিদ্যালয়ৰ ডিজিটেল ক্লাছ ৰূমত অনুষ্ঠিত তথা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা নৱনীতা কলিতাই আঁত ধৰা এখন সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই আদৰণি ভাষণ ৰাখে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক মুনীন্দ্ৰ নাৰায়ন গোস্বামী, অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা কৈলাশ চন্দ্ৰ ৰয়, অৱসৰপ্ৰাপ্ত স্বাস্থ্য সঞ্চালক ডা: অতুল শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰণীধৰ ৰয়, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ভাবিত চন্দ্ৰ হালৈ আদিকে ধৰি বহুতো স্থানীয় বিশিষ্ট ব্যক্তি তথা মহাবিদ্যালয়খনৰ অধ্যাপক- অধ্যাপিকা, গ্ৰন্থগাৰিক, কৰ্মচাৰী, কিছু ছাত্ৰ – ছাত্ৰী উপস্থিত থাকে। সভাখনত শলাগৰ শৰাই আগবঢ়াই উপাধ্যক্ষ কিশোৰ কুমাৰ শৰ্মাই।

Leave A Reply