Breaking

চন্দ্ৰনয়ন দাসৰ “হে’ সুধাকণ্ঠ”ৰ শুভমুক্তি

0 62

বিশ্ববিশ্ৰুত শিল্পী,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু দিৱসত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই আজি শুভ মুক্তি দিয়া হয় “হে’ সুধাকণ্ঠ”শীৰ্ষক এটি গীতৰ। গীতৰ কথা,সুৰ আৰু কণ্ঠ চন্দ্ৰনয়ন দাসৰ। এই উপলক্ষে আজি যোৰহাটৰ মাছৰহাটৰ কুৱেভাৰ ষ্টুডিঅ’ প্ৰাংগণত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰি “হে’ সুধাকণ্ঠ”শীৰ্ষক গীতটিৰ শুভ উন্মোচন কৰে দিহা গুৰু যতীন বৰাই।

অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডা:নৰোত্তম সোণোৱাল,মাহেকীয়া আলোচনী”দিগদৰ্শন”ৰ সম্পাদক তথা সাংবাদিক পংকজ কুমাৰ দাস,লক্ষীৰাম দুৱৰা দাস,অভিজিত দাস,মৃদুল ভৰালী,পাৰ্থ দাস,দেবাংগ কলিতা বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি মাজুলীৰ গ্ৰেজিং কৈৱৰ্ত্ত গাঁৱৰ প্ৰয়াত বনমালী দাস আৰু ফুলেশ্বৰী দাসৰ পুত্ৰ কণ্ঠশিল্পী,সুৰকাৰ,গীতিকাৰ চন্দ্ৰনয়ন দাসৰ এই মহৎ প্ৰয়াসৰ শলাগ লৈ বক্তব্য ৰাখে।

Leave A Reply