Breaking

নলবাৰী পৰিবহন বিষয়া কাৰ্যালয়ত শৌচাগাৰ উদ্বোধন।

0 1,063

নলবাৰী : নলবাৰী পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আজি এক ৰাজহুৱা শৌচাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জিলা উন্নয়ন প্ৰাধিকৰণৰ দ্বাৰা নিৰ্মাণ কৰা  শৌচাগাৰটো উদ্বোধন কৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই। শৌচাগাৰটো উদ্বোধন কৰি উঠি বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে এই শৌচাগাৰটোৰ পৰা কাৰ্যালয়ত দ্বাৰা অহা বিভিন্ন প্ৰান্তৰ ৰাইজ উপকৃত হ’ব। আজিৰ এই উদ্বোধন অনুষ্ঠানত জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, মুখ্য কাৰ্যালয় সহায়ক বিভা দত্ত সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply