Breaking

সুস্থ চুলি, উজ্জ্বল ছাল আৰু ভাল নখৰ বাবে এই ৮টা স্বাস্থ্যকৰ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক…

0 41

ধুনীয়া চুলি, জিলিকি থকা ছাল আৰু শক্তিশালী নখ পাবলৈ আমি প্ৰায়ে দামী সামগ্ৰী ব্যৱহাৰ কৰোঁ। এই দামী সামগ্ৰীবোৰৰ বাবে বহুত টকাও খৰচ কৰিব লাগে। আনহাতে সামগ্ৰীবোৰত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ কেতিয়াবা পাৰ্শ্বক্ৰিয়াও হয়। কিন্তু এই দামী সামগ্ৰীৰ সলনি স্বাস্থ্যসন্মত খাদ্যই আমাৰ চুলি, ছাল আৰু নখৰ উন্নতি কৰিব পাৰে-

সুস্থ চুলি ছাল আৰু নখৰ বাবে কি খাব লাগে জানেনে-

ছালমন, টুনা আৰু মেকেৰেলৰ দৰে চৰ্বিযুক্ত মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে চুলি ডাঠ আৰু চিকচিকিয়া কৰাত সহায় কৰে। লগতে ছালখন কোমল কৰি ৰাখে।

ভিটামিন এ সমৃদ্ধ মিঠা আলু ছালৰ বাবে আশীৰ্বাদতকৈ কম নহয়। ই ছালখন কোমল কৰে, বলিৰেখা কমায় আৰু ইয়াৰ উজ্বলতা বৃদ্ধি কৰে।


আলমণ্ড, আখৰোট, চিয়া গুটি ভিটামিন ই, জিংক আৰু বায়’টিনৰ ভাল উৎস। এইবোৰে নখ মজবুত কৰি তোলে আৰু চুলি সৰিত বাধা দিয়ে।

সুস্বাদু হোৱাৰ উপৰিও এভোকেডোত স্বাস্থ্যকৰ চৰ্বি, ভিটামিন ই আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। ই ছালখনক জলসিঞ্চিত কৰি ৰাখে আৰু মুখলৈ গ্লো আনে।

প্ৰটিন, বায়’টিন আৰু ভিটামিন ডিৰে সমৃদ্ধ কণীয়ে চুলি আৰু নখ শক্তিশালী কৰাত সহায় কৰে। লগতে ইহঁতে ছালখনক পুষ্টি প্ৰদান কৰে আৰু ইয়াক স্বাস্থ্যকৰ কৰি তোলে।

কচু, মেথি, ব্ৰকলিৰ দৰে সেউজীয়া পাতৰ শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন এ, চি আৰু কে। এইবোৰে ছালখন সুস্থ কৰি তোলে, কলাজেন উৎপাদনত সহায় কৰে আৰু বলিৰেখা কমায়।

তৰমুজ, তিয়হ আৰু বলাহীৰ দৰে পানী সমৃদ্ধ খাদ্যই শৰীৰক জলসিঞ্চিত কৰি ৰাখে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ ছালত দেখা যায়। এইবোৰে ছাল কোমল আৰু উজ্জ্বল কৰি তোলে।


Leave A Reply