Breaking

ভাৰতৰ ভূখণ্ড নিজৰ মেপত অন্তভূক্ত কৰি ৰাষ্ট্ৰসংঘৰ দ্বাৰস্থ নেপাল

0 1,269

দৈনন্দিন বাৰ্তা ডেস্ক : বেইজিঙৰ বাবেই ক্ৰমশঃ ভাৰতৰ বিৰুদ্ধাচৰণ কৰি আছে নেপালে৷ এইবাৰ দেশখনৰ সংসদত অনুমোদন হোৱা মেপ লৈ ৰাষ্ট্ৰসংঘসহ বিভিন্ন আন্তৰ্জাতিক ফ’ৰামৰ দ্বাৰস্থ হৈছে নেপাল৷ জানিব পৰা মতে আগষ্টৰ মাজভাগত এই মেপ আন্তৰ্জাতিক মঞ্চত উত্থাপন কৰিব কে পি শৰ্মা ওলিৰ চৰকাৰে৷ ভাৰতৰ লিম্পিয়াধুৰা, কালাপানি আৰু লিপুলেখক নেপালৰ ভূখণ্ডৰ বুলি দাবী কৰা হৈছে এই মেপত৷ নেপাল চৰকাৰৰ ভূমি, সমবায় আৰু দাৰিদ্র দূৰীকৰণ সংক্রান্তিয় মন্ত্রী পদ্ম আৰাৱলে কয় যে লিম্পিয়াধুৰা, কালাপানি-লিপুলেখসহ নেপালৰ সংশোধিত মেপ ৰাষ্ট্ৰসংঘৰ অন্যান্য প্ৰতিষ্ঠান আৰু আন্তৰ্জাতিক ফ’ৰামত তুলি ধৰা হ’ব৷ ইংৰাজী ভাষাত চাৰি হাজাৰ প্ৰতিলিপি ছাপা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ আনহাতে ৰাষ্ট্ৰীয় স্তৰত এই মেপৰ প্ৰায় ২৫ হাজাৰ প্ৰতিলিপি ছপাই বিভিন্ন চৰকাৰী কাৰ্যালয়ত বিনামূলীয়াকৈ দিয়া হৈছে৷ বজাৰত নেপালী মুদ্ৰাত ৫০ টকাত বিক্ৰী হৈছে নতুন মেপ৷

Leave A Reply