Breaking

পিয়াজে নহয়, এইবাৰ পিয়াজৰ মূল্যই কন্দোৱাব আপোনাক

0 104

দৈনন্দিন বাৰ্তা সেৱাঃ দৈনন্দিন জীৱনত লাগতিয়াল সামগ্ৰী মূল্য বৃদ্ধিয়ে দেশৰ জনগনক জুৰুলা কৰাৰ সময়তে পুনৰ মূল্য বৃদ্ধি হল বহু কেইবিধ অত্যাবশ্যকীয় সামগ্ৰীৰ। কোনো সামগ্ৰীৰ দাম তেতিয়াই বৃদ্ধি পাই, যেতিয়া সেই সামগ্ৰী বিধৰ উত্‍পাদন কমি যায়। পিঁয়াজৰ লগতো অনুৰূপ ঘটনাই সংঘটিত হৈছে। আমাৰ দেশত পিঁয়াজ সৰ্বাধিক উত্‍পাদন হয় মহাৰাষ্ট্ৰত।

মহাৰাষ্ট্ৰৰ নাচিক, আহমদনগৰ, পুণে, ধুলে. শোলপুৰত সৰ্বাধিক পিঁয়াজৰ খেতি হয়। মহাৰাষ্ট্ৰৰ পিছত কৰ্ণাটক, গুজৰাট, বিহাৰ, মধ্যপ্ৰদেশ, অন্ধপ্ৰদেশত পিঁয়াজৰ খেতি প্ৰচুৰ পৰিমানে কৰা হয়। চলিত বৰ্ষত হোৱা তীব্ৰ বৃষ্টিপাতৰ ফলত লাখ-লাখ একৰ ফচল নষ্ট পৰিলক্ষিত হৈছে। মহাৰাষ্ট্ৰৰ যি ঠাইত পিঁয়াজ সৰ্বাধিক উত্‍পাদন হয়, সেই ঠাইতো অধিক পৰিমাণে এইবাৰ বৰষুণ হৈছে। যদিও কোৰোনা মহামাৰীৰ ফলত হোৱা ল’কডাউনৰ বাবে হোটেল, ধাবা আদি বন্ধ আছিল।

ইয়াৰ বাবে পিঁয়াজৰ মূল্য স্থিতাৱস্থাত আছিল। এতিয়া লাহে-লাহে হোটেলসমূহ খোলাৰ পিছত সমগ্ৰ দেশতে পিঁয়াজৰ দাম আচৰিত বৃদ্ধি হৈছে। বৰ্তমান ৭০-৮০ টকা বিক্ৰী হোৱা পিঁয়াজৰ মূল্য বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰতি কেজিত ১২০ৰ পৰা ১৫০ টকা পৰ্যন্ত বাঢ়িব পাৰে। পিঁয়াজৰ উত্‍পাদন কৰা ৰাজ্যত বানপানী আৰু বৰষুণৰ বাবে ফচল সমূহ নষ্ট হৈ গৈছে।

Leave A Reply