জাংক ফুডৰ জনপ্ৰিয়তা অভাৱনীয়ভাৱে বাঢ়িছে আৰু ৰসাল বাৰ্গাৰ আৰু শীতলীকৃত বোলা জাতীয় দ্ৰব্যবোৰে বজাৰ ইতিমধ্যে দখল কৰিছে। পিছে শেহতীয়াভাৱে যেন সৰ্বসাধাৰণ তথা প্ৰশাসনৰ মাজত সুবুদ্ধিৰ উদয় হৈছে। স্কুলত আৰু ইয়াৰ চৌদিশে অৱস্থিত খাদ্যৰ বিপণীবোৰত চোলে-বটুৰে আৰু উপৰিউক্ত খাদ্যবোৰৰ বিক্ৰী বন্ধ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে। ভাৰত চৰকাৰৰ নাৰী আৰু শিশু কল্যাণ মন্ত্ৰী দপ্তৰৰ সৌজন্যত গ্ৰহণ কৰা এক উদ্যোগ অনুযায়ী সমগ্ৰ ভাৰততে এই প্ৰয়াস কাৰ্যসূচী কৰা হ’ব।

প্ৰকৃতাৰ্থত এই প্ৰয়াস কাৰ্যকৰী হ’লে স্কুলৰ কেণ্টিনবোৰত এনেবোৰ দ্ৰব্যৰ প্ৰস্তুতি আৰু বিক্ৰী নিষেধ কৰা হ’ব- কাৰ্বনযুক্ত শীতল পানীয়, পটেটো চিপ্ছ, পিজ্জা, বাৰ্গাৰ আৰু ছামোছা (ছিংৰা) লেখীয়া বেছিকৈ ভজা-জ্বলা খাদ্যবোৰো ভৱিষ্যতে নিষিদ্ধ হ’বলগীয়া এই তালিকাখনৰ অন্তৰ্ভুক্ত।
জাংক ফুডৰ অপকাৰিতা
শিশু বিশেষজ্ঞসকলৰ মতানুযায়ী দেশৰ ভৱিষ্যত্ নাগৰিকসকলৰ স্বাস্থ্যসন্মত খাদ্যাভ্যাস গঠনৰ ক্ষেত্ৰত স্কুলবোৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মহামাৰীৰ ৰূপত বৰ্তমান দেখা দিয়া শৈশৱকালীন স্থূলতা বা মেদবহুলতাৰ প্ৰতিষেধকমূলক ব্যৱস্থাৰূপেও এনে ভূমিকাৰ প্ৰয়োজনীয়তা অতি বেছি। অভিভাৱকসকলৰ ব্যস্ততাপূৰ্ণ জীৱনৰ হেতুকে নিচেই কমসংখ্যক শিশুৱেহে স্কুলৰ টিফিনৰ বাবে ঘৰত প্ৰস্তুত কৰা খাদ্য-সম্ভাৰ আনে আৰু অৱধাৰিতভাৱে

এনেবোৰ শিশু দুপৰীয়াৰ আহাৰৰ বাবে স্কুলৰ কেণ্টিনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।আমেৰিকাৰ ছ’ল্ট লেকস্থিত কলম্বিয়া এছিয়া হস্পিতালৰ মুখ্য ডায়েটিছিয়ান ইন্দ্ৰাণী ঘোষৰ মতে শৈশৱকালীন স্থূলতাত বৰ্তমান আমেৰিকাৰ ৩০ শতাংশ শিশু আক্ৰান্ত আৰু প্ৰতিমাহে গড়ে ১৫ টা এনে শিশু তেওঁৰ ওচৰত পৰামৰ্শ বিচাৰি আহে। কম বয়সীয়া ছোৱালীৰ মাজত পলিছিষ্টিক অভাৰিয়ান ছিনড্ৰম আৰু অনিয়মীয়া ঋতুস্ৰাৱত আক্ৰান্ত ভুক্তভোগীৰ সংখ্যা বাঢ়িছে। জাংক ফুড হৈছে এই পৰিঘটনাৰ ঘাই কাৰক।