Breaking

‘বাছ ভাড়া বৃদ্ধি, সাধাৰণ ৰাইজক মাধমাৰ’

0 1,365

চন্দন কুমাৰ নাথ

অনলাইন বাৰ্তা : দেশত ভয়ানক ৰূপত বৃদ্ধি হোৱা কোভিড-১৯ মহামাৰীৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছিল। লকডাউনৰ পিছত আৰম্ভ হোৱা আনলক প্রক্রিয়াত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ লগতে যাত্রীবাহী বাছ সেৱাৰ ওপৰত পূর্বৰ নিষেধাজ্ঞা আতঁৰোৱা হৈছে আৰু চৰকাৰ তথা প্রশাসনৰ নিৰ্দেশ অনুসৰি যাত্রী কঢ়িওৱা যান-বাহন সমূহত কেৱল ৫০ শতাংশ যাত্রীহে কঢ়িয়াই নিয়াৰ বাবে এক আদেশ বা নিৰ্দেশ জাৰি কৰিছিল। কিন্তু এই যাত্রীবাহী বাছসমূহে  ইয়াৰ পূর্ণ সুযোগ গ্রহণ কৰি যেন বাছ ভাড়া বৃদ্ধিৰ এক অঘোষিত প্রতিযোগিতাই আৰম্ভ কৰিবলৈ ল’লে কিয়নো একো একোজন যাত্রীৰ পৰা বাছ ভাড়াৰ নামত দুগুণ টকা লোৱাৰ জোৱাৰ এতিয়া ৰাজ্যৰ চাৰিওফালে আৰম্ভ হ’বলৈ লৈছে। এতিয়া ডাঙৰ প্রশ্নটো হ’ল যে বাছ ভাড়াৰ নামত চলি থকা এনে ধৰণৰ কাৰ্য্যৰ বিষয়ে আমাৰ চৰকাৰ তথা আৰক্ষী প্রশাসনে জ্ঞাত নে ? উদাহৰণস্বৰূপে পূর্বে যদি কোনো এজন যাত্রীৰ বাছ ভাড়া ১০০ টকা আছিলে,  সেই একেই দূৰত্বৰ যাত্রাৰ বাবে আজি ১০০ টকাৰ পৰিবৰ্তে ২৫০ টকালৈ বাছ ভাড়া বৃদ্ধি হ’ল। যি সময়ত দেশত কোভিড-১৯ মহামাৰীৰ ফলত এতিয়া ভয়ানক ৰূপত সাধাৰণ ৰাইজৰ মাজত আৰ্থিক সংকটে দেখা দিছে ঠিক তেনে এক জটিল সময়ত ৰাজ্যৰ সাধাৰণ জনতাই কেনেকৈ দুগুণ বাছ ভাড়া দিবলৈ সক্ষম হ’ব ? অসম চৰকাৰৰ বিষয়ববীয়াসকলে সাধাৰণ ৰাইজৰ মাজত দেখা দিয়া দুৰ্দশাৰ প্রতি কিমান সচেতন? একোজন যাত্রীয়ে যদি গুৱাহাটীৰ পৰা নিজৰ নিজৰ গন্তব্য স্থানলৈ বুলি যাবলৈ বাছ ভাড়াৰ নামত দুগুণ টকা দি জীয়াতু ভুগিব লগা হয়, তেনেহ’লে উক্ত যাত্রীজনে নিজৰ ঘৰত উপস্থিত হোৱাৰ পিছত হয়তো আকৌ কৰ্মসূত্রে গুৱাহাটী কিম্বা অন্য কোনো নির্দিষ্ট ঠাইলৈ আহিবলৈ আৰ্থিক অভাবে বাধাৰ সৃষ্টি কৰিবও পাৰে। মুঠতে বাছ ভাড়া বৃদ্ধি হোৱাৰ ফলত সাধাৰণ ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰবৰ্তী সময়ত চৰকাৰ তথা আৰক্ষী প্রশাসনে এই সন্দৰ্ভত কি প্রতিক্রিয়া ব্যক্ত কৰিব সেয়া হ’ব লক্ষ্যণীয় বিষয়। কিন্তু সাধাৰণ জনতাৰ আৰ্থিক সংকটৰ সময়ছোৱাত বাছ ভাড়া বৃদ্ধিৰ ভয়ানক কাৰ্য্যই আমাৰ ৰজাঘৰীয়াসকলৰ দৃষ্টি নিক্ষেপ কৰিব পাৰিব নে সেয়া হ’ব আজিৰ তাৰিখত এক ধৰণৰ কেটি টকীয়া প্রশ্ন? 

Leave A Reply