হাজোত আম আদমী পাৰ্টিৰ হাজো সমষ্টি সমিতিৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন

আজি ভাৰতবৰ্ষৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ হাজোতো আম আদমী পাৰ্টিৰ হাজো সমষ্টি সমিতিৰ উদ্যোগত আৰু আম আদমী পাৰ্টিৰ বলিষ্ঠ নেতা মুকুট আলীৰ সহযোগত হাজোৰ আধিয়াপাৰা চ’কত উদযাপন কৰা হৈছে স্বাধীনতা দিৱস । সেই অনুসৰি পুৱা পতাকা উত্তোলন,শ্ৰদ্ধাঞ্জলী অনুষ্ঠান,দেশপ্ৰেমমূলক গীত পৰিবেশন ইত্যাদিৰে আনুষ্ঠানিক ভাৱে পালন কৰে স্বাধীনতা দিৱস।যিসকল শ্বহীদৰ ত্যাগ আৰু আত্ম বলিদানত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল সেইসকল বীৰ শ্বহীদক সশ্ৰদ্ধ প্ৰনিপাত জনাই সমূহ দেশবাসীকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আজি আম আদমী পাৰ্টি হাজো সমষ্টিৰ বলিষ্ট নেতা মুকুট আলীয়ে।

আৰু শান্তি,ভাতৃত্ববোধৰ এনাজৰীৰে আমাৰ দেশত স্বাধীনতাৰ বিজয়ধ্বজাৰে এখনি প্ৰগতিশীল ভাৰত গঢ়াৰ সপোন দেখিছে বুলিওঁ আশা প্ৰকাশ কৰে আম আদমী পাৰ্টি হাজো সমষ্টিৰ বলিষ্ট নেতা মুকুট আলীয়ে।তদুপৰি আজিৰ কাৰ্যসূচীত প্ৰায় শতাধিক লোকে অংশগ্ৰহন কৰে।

Related Articles