Breaking

নাজিৰাৰ লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত স্বাধীনতা দিৱস উদযাপন…

0 133

নাজিৰাৰ লিগিৰীপুখুৰীস্থিত প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত স্বাধীনতা দিৱস উদযাপন। দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে আজি সমগ্ৰ দেশৰ লগতে নাজিৰাৰ লিগিৰী পুখুৰীস্থ প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত আৰম্বনাপূৰ্ণ ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হয় । পুৱা চাউনীৰ আৱাসীৰ প্ৰতিঘৰতে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে মুখ্য কাৰ্যালয়ৰ প্ৰশিক্ষণ পথাৰত কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱস উদযাপন কৰে ।

প্ৰথম অসম আৰক্ষী বাহিনীৰ পেৰেডৰ পিছতে ৰাষ্ট্ৰীয় পতাকা উত্তোনল কৰি আৰক্ষী বাহিনীৰ অধিনায়ক মুছলেহউদ্দিন আহমেদে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া প্ৰতি গৰাকী বীৰ শ্বহীদৰ ত্যাগ ৰোমন্থন কৰি আত্মাৰ চিৰশান্তি কামনা কৰে ।

Leave A Reply