সীমান্তত ভাৰতৰ যুদ্ধৰ প্ৰস্তুতি তুংগত, বন্ধ কৰি দিয়া হৈছে বিদ্যালয় , সাজু কৰা হৈছে হাস্পতাল । india and pakistan war 2025

৮ মে’ ২০২৫ঃ india and pakistan war 2025। ভাৰতে পাক অধিকৃত কাশ্মীৰত অপাৰেছন সিন্দুৰ চলোৱাৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ পৰিবেশে বিৰাজ কৰিছে। এনে পৰিবেশৰ মাজতে পাক-ভাৰত সীমান্তত ভাৰতে যুদ্ধৰ প্ৰস্তুতি তুংগত তুলিছে। পাক-ভাৰত সীমান্তৰ পঞ্জাব আৰু ৰাজস্থানৰ ক্ষেত্ৰত জাৰি কৰা হৈছে সম্পূৰ্ণ সতৰ্কতা ৷পাকিস্তানৰ সৈতে পঞ্জাবৰ ৫৩২ কিলোমিটাৰ সীমান্ত থকাৰ বিপৰীতে ৰাজস্থানত থকা সীমান্তৰ দৈৰ্ঘ হৈছে প্ৰায় ১০৭০ কিলোমিটাৰ ৷

পাকিস্তানে কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা লোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে কেতবোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷বিশেষকৈ ৰাজস্থানৰ যোধপুৰ, ফালোডী, বৰমেৰ আৰু জয়ছালমেৰ জিলাৰ উপায়ুক্তসকলে বৃহস্পতিবাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নিজা নিজা জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ।তদুপৰি চিকিৎসালয়সমূহতো জাৰি কৰা হৈছে এলাৰ্ট । সম্ভাৱ্য জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়ৰ বিচনাও কৰা হৈছে খালী ৷ সমগ্ৰ সংমণ্ডলৰ ব্লাড বেংকৰ পৰা জমা থকা তেজৰ পৰিমাণ সন্দৰ্ভতো তথ্য বিচাৰিছে প্ৰশাসনে ।সংমণ্ডল আয়ুক্ত প্ৰতিভা সিঙে নিজেই এই সকলোবোৰ কাৰ্য নিৰীক্ষণ কৰি আছে ।

ইফালে যোধপুৰ ৰেঞ্জৰ আই জি বিকাশ কুমাৰেও সীমান্তৱৰ্তী জিলাসমূহত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে ৷তদুপৰি ৰাজস্থান চৰকাৰে সীমান্ত অঞ্চলত নিয়োজিত সকলো প্ৰশাসনিক বিষয়া আৰু আৰক্ষী জোৱানৰ ছুটী বাতিল কৰিছে বুলি সূত্ৰত প্ৰকাশ পাইছে ।আনহাতে, পাঞ্জাৱ আৰক্ষীয়েও প্ৰতিগৰাকী জোৱানৰ ছুটী বাতিল কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে ছয়খন সীমান্তৱৰ্তী জিলাৰ বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিছে ৷ ‘‘অপাৰেচন সেন্দূৰ’’ৰ পিছতে বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই সংশ্লিষ্ট বিষয়াসকলক প্ৰতিগৰাকী আৰক্ষীৰ ছুটী বাতিল কৰিবলৈ নিৰ্দেশ দিছে ।


পঞ্জাবৰ মন্ত্ৰী অমন অৰোৰাই কয় “পাঞ্জাৱৰ ৫৩২ কিলোমিটাৰ সীমান্ত পাকিস্তানৰ সমীপতে আছে । গতিকে যিকোনো সামৰিক উত্তেজনাৰ সময়ত পাঞ্জাৱ চৰকাৰৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে । সীমান্তৰ কাষৰ সকলো জিলাতে হাই এলাৰ্টত জাৰি কৰা হৈছে । সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সকলো ৰাজহুৱা অনুষ্ঠানো বাতিল কৰিছে ।”

Related Articles