Breaking

গুৱাহাটীত ভাৰত অষ্ট্ৰেলিয়াৰ খেল; আকৌ সাপ ! বৰ্ষাপাৰাত পুনৰ সৰ্প

0 274

আকৌ সাপ। বৰ্ষাপাৰাৰ খেল পথাৰত আকৌ বিষধৰ সৰ্পৰ উপস্থিতি। কাইলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হব ভাৰত অষ্ট্ৰেলিয়াৰ মাজত টি-২০ৰ তৃতীয়খন খেল। সেইমৰ্মে আজি ষ্টেডিয়ামত কৰা হৈছিল স্প্ৰে।

পিছে হঠাৎ আবিৰ্ভাৱ হয় দুডাল বিষধৰ সৰ্পৰ। কৰ্মচাৰী সকলৰ সম্মুখত হঠাৎ মৃত্যদূত দেখি হুৱাদুৱা লাগে তেওঁলোকৰ মাজত। অবশ্যে কোনো বিপদ বিঘিনি নোহোৱাকৈ এন জি অ’ৰ কৰ্মচাৰীয়ে সাপষদুডাল ধৰি ভৰলুত এৰি দিবলৈ সক্ষম হয়।

উল্লেখ্য যে ২০২২ বৰ্ষৰ অক্টোবৰ মাহতো ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত ক্ৰিকেট খেলৰ সময়তো দৰ্শন দিছিল এডাল বিষধৰ সাপে। সেই সময়ত ভাৰতে বেটিং কৰি আছিল।

সপ্তম অভাৰত বিষধৰ সাপ প্ৰত্যক্ষ কৰাৰ লগে লগে সৃষ্টি হৈছিল এক ভয়ংকৰ পৰিস্থিতিৰ। কিছু সময়ৰ বাবে খেল স্থগিত ৰখা হৈছিল। গ্ৰাউণ্ড ষ্টাফৰ লগতে সৰ্প বিশেষজ্ঞই খেল পথাৰত নামি সাপডাল ধৰি সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

Leave A Reply