Breaking

১০১ বিধ সামগ্ৰীৰ আমদানি নিষেধ ভাৰতৰ, আত্মনিৰ্ভৰশীল ভাৰতৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এক বিশেষ পদক্ষেপ

0 1,281

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে আত্মনিৰ্ভৰশীল ভাৰত গঢ়িবৰ বাবে এক বৃহৎ পদক্ষেপ হাতত লয়। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, বিদেশত নিৰ্মাণ হোৱা ১০১ বিধ অস্ত্ৰ-শস্ত্ৰৰ ওপৰত অচিৰেই প্ৰতিবন্ধকতা লগোৱা হ’ব৷ এতিয়াৰে পৰা এইসমূহ অস্ত্ৰ শস্ত্ৰ ভাৰততে নিৰ্মাণ কৰা হ’ব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আত্মনিৰ্ভৰশীল ভাৰতৰ কাৰণে পাঁচটা স্তম্ভৰ কথা সদৰী কৰিছিল। ইয়াৰ ভিতৰত আছিল ইক’ন’মি, ইনফ্ৰাচষ্ট্ৰাকছাৰ, চিষ্টেম, ডেম’গ্ৰাফী, ডিমাণ্ড আৰু ছ’চিয়েল পেকেজ। প্ৰধানমন্ত্ৰী মোডীৰ আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণ কৰাত সহায় কৰিব এই সিদ্ধান্তই। ইয়াৰ জৰিয়তে আমাৰ সাংগঠনিক কামসমূহো উন্নত হ’ব৷ আনহাতে ভাৰত আৰু চীনৰ মাজত শনিবাৰে এখন উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হয়। প্ৰায় ৪.৩০ ঘন্টা হোৱা বৈঠকখনত ভাৰত চীন সীমান্তৰ এল এ চিত সেনা পিছুৱাক লৈ অনুষ্ঠিত হোৱা বুলি অনুমান কৰা হৈছে।
বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

Leave A Reply