Breaking

সীমা বিবাদকলৈ ভাৰত-চীনৰ প্ৰতিনিধিৰ মাজত আলোচনা

0 39

লাডাখ বিবাদকলৈ ভাৰত আৰু চীনৰ মাজত এতিয়াও বৰফ গলা নাই। এতিয়ালৈকে দুয়োখন দেশৰ মাজত সীমা সমস্যাকলৈ ১৮ লানি আলোচনা অনুষ্ঠিত হৈছে যদিও বিষয়টোৱে আজিও গেঠেলা মাৰিয়েই আছে।

ভাৰত আৰু চীনে বুধবাৰে বেইজিঙত পুনৰ কূটনৈতিক আলোচনা কৰে আৰু পূৱ লাডাখৰ এলএচিৰ সৈতে বিবাদ নিষ্পত্তিৰ বিষয়ত গ্ৰহণ কৰা প্ৰস্তাৱসমূহৰ বিষয়ে আলোচনা কৰে, কিন্তু আজিও কোনো সফলতাৰ ইঙ্গিত পোৱা নগ’ল। ভাৰত-চীন সীমান্ত পৰিক্ৰমাৰ বিষয়ত পৰামৰ্শ আৰু সমন্বয়ৰ বাবে ডব্লিউএমচিচি ২০১২ চনত গঠন কৰা হৈছিল। সীমান্ত অঞ্চলত শান্তি বজাই ৰখাৰ বাবে পৰামৰ্শ আৰু সমন্বয়ৰ বাবে এক প্ৰতিষ্ঠানিক প্ৰণালী হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।


উক্ত সংস্থাৰ অধীনতে আজি আলোচনা অনুষ্ঠিত হয়। ভাৰতৰ বৈদেশিক প্ৰক্ৰমা দপতৰে কয় “দুয়োপক্ষই ভাৰত-চীন সীমান্ত অঞ্চলৰ পশ্চিম খণ্ডৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) পৰিস্থিতি পৰ্যালোচনা কৰে আৰু বাকী অঞ্চলসমূহত মুকলি আৰু গঠনমূলক প্ৰস্তাৱসমূহৰ বিষয়ে আলোচনা কৰে, যি পশ্চিম খণ্ডৰ এলএচিত শান্তি বজাই ৰাখিব আৰু দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰি ৰাখিব।”

উল্লেখ্য ডব্লিউএমচিচিৰ ২৬ তম বৈঠক ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰীত বেইজিঙত অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ জুলাইত অনুষ্ঠিত হোৱা চতুৰ্দশ বৈঠকৰ পিছত সেই খন প্ৰথম ডব্লিউএমচিচি বৈঠক আছিল।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিবে (পূব এছিয়া) ভাৰতীয় প্ৰতিনিধিদলৰ নেতৃত্ব দিছিল। চীনা প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছিল চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমা আৰু মহাসাগৰীয় পৰিক্ৰমা বিভাগৰ সঞ্চালক প্ৰধানে।

১৭ তম পৰ্যায়ৰ সামৰিক আলোচনা ২০ ডিচেম্বৰত অনুষ্ঠিত হৈছিল কিন্তু বাকী সমস্যাসমূহৰ সমাধানত কোনো অগ্ৰগতিৰ কোনো ইঙ্গিত পোৱা যোৱা নাছিল।

২০২০ চনৰ জুন মাহত গালোৱান উপত্যকাত হোৱা ভয়ংকৰ সংঘৰ্ষৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক যথেষ্ট পৰিমাণে অৱনমিত হৈছে। সেই সময়ত চীনৰ সেনাৰ আক্ৰমণত ২০ জন ভাৰতীয় জোৱান নিহত হৈছিল। চীনৰো বহু জোৱান হতাহত হৈছিল।

Leave A Reply