Breaking

ইণ্ডিয়া ক্ৰিয়েটিভ এৱাৰ্ড ২০২০-ত অসম কন্যা মুনমী বুঢ়াগোহাঁই নাম অন্তৰ্ভূক্ত ইৰ্মাজিন য়ুৰ্থ আৰ্টিচ অৱ দ্যা ইয়েৰ ২০২০-ৰ বিশেষ বঁটা

0 1,286

ধেমাজি : অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৬ গৰাকী ব্যক্তিলৈ কৰ্ম ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতা স্বীকৃতিস্বৰূপে দ্যা ক্ৰিয়েটিভ হবি জ’নে ইণ্ডিয়া ক্ৰিয়েটিভ এৱাৰ্ড-২০২০ এই বৰ্ষত আগবঢ়াইছে। সেই একেদৰে, অসম কন্যা চিত্ৰ শিল্পী, সমাজসেৱিকা হাঁহচৰা লংকাক গোহাঁই গাঁৱৰ মুনমী বুঢ়াগোহাঁইলৈ এই বৰ্ষত ইৰ্মাজিন য়ুৰ্থ আৰ্টিচ অব দ্যা ইয়েৰ ২০২০ৰ বিশেষ বঁটা আগবঢ়ায়। উল্লেখযোগ্য যে, ২০১৯ বৰ্ষত মুনমী বুঢ়াগোহাঁয়ে পেলনীয়া বস্তুৰে ছবি নিৰ্মাণ কৰাৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ লগতে ভাজৰা ৱল্ড ৰেকৰ্ডতো নিজৰ নাম অন্তৰ্ভুক্ত কৰি গাওঁখনৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। একেদৰে চিত্ৰ শিল্পী হিচাপে ভূয়সী প্ৰসংশা লাভ কৰিবলৈ সক্ষম হোৱা মুনমীয়ে গাঁৱতে কণ-কণ শিশুসকলক বিনামূলীয়াকৈ সাহিত্য-সংস্কৃতিৰ লগত জড়িত ৰাখি দিহানাম, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, কুইজ, নৃত্য, নাটক, ভাস্কৰ্য শিল্প, অভিনয় আদিৰ প্ৰশিক্ষণ দি অহাৰ লগতে কণমানিসকলৰ মনৰ কথাৰে মন এটি আশা নামৰ এখনি তিনিমহীয়া আলোচনী প্ৰকাশ কৰি কণমানিহতঁক সাহিত্য-সংস্কৃতিৰ প্ৰতি এখোজ আগুৱাই নিয়াত সহায় কৰি আহিছে।

Leave A Reply