Breaking

ধোনীৰ বাবে দক্ষিণ আফ্ৰিকাৰ লগত হাৰিল টীম ইণ্ডিয়া-অজয় জাডেজা

0 79

মহেন্দ্ৰ সিং ধোনীৰ বাবে দক্ষিণ আফ্ৰিকাৰ লগত হাৰিল টীম ইণ্ডিয়া! খেলপথাৰত ধোনীক দেখা নাপালেও কিংম্বদন্তি ক্ৰিকেটাৰজনৰ বাবেই ভাৰত হাৰিছে। এই মন্তব্য কৰিলে প্ৰাক্তন তাৰকা অজয় জাডেজাই।

অৱশ্যে ব্যংগাত্মকভাৱেহে জাডেজাই এইদৰে মন্তব্য কৰিছে। ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ ডেভিড মিলাৰৰ দমনীয় প্ৰদৰ্শনক প্ৰশংসা কৰিবলৈ গৈ জাডেজাই ধোনীৰ প্ৰসংগ টানি আনে।

সংবাদমাধ্যমৰ আগত জাডেজাই কয় যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মেচখন এটা মুহূৰ্তত উত্তেজনাময় হৈ পৰিছিল কিন্তু ডেভিড মিলাৰে উত্তেজনাময় পৰিস্থিতিটো চম্ভালি লৈছিল আৰু ভাৰতৰ বলিঙৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন আগবঢ়াই দলক জয়ী কৰিছিল।

মিলাৰৰ এই প্ৰদৰ্শনক জাডেজাই ধোনীৰ সৈতে তুলনা কৰি কয়- “ক্ৰিকেট বিশ্বলৈ মহেন্দ্ৰ সিং ধোনীয়ে দিয়া এইটোৱেই শিক্ষা। সেইবাবেই আমি পৰাজীত হ’লো।

উল্লেখ্য যে মেচখনত মিলাৰে ৪৬টা বলত ৫৯ ৰাণ কৰিছিল। মেচখনত এইডেন মাৰ্ক্ৰামেও অৰ্ধশতক অৰ্জন কৰিছিল কিন্তু বিজয়লক্ষ্য অতিক্ৰম কৰালৈকে ডেভিড মিলাৰ অপৰাজীত হৈ আছিল।

Leave A Reply