Breaking

ব্রিকছৰ সন্ত্রাস প্রতিৰোধী একচন প্লেন প্রস্তুত ভাৰতৰ

0 1,041

ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি ভার্চুৱেলী অনুষ্ঠিত হ’ল ত্রয়োদশ ব্রিকছ সন্মিলন৷ এই ত্রয়োদশ ব্রিকছ সন্মিলন সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ব্রিকছৰ বাবে সন্ত্রাসবাদ প্রতিৰোধী একচন প্লেন প্রস্তুত কৰিছে ভাৰতে৷ লক্ষণীয়ভাৱে যোৱাবাৰ ব্রিকছ সন্মিলনো ক’ভিড মহামাৰীৰ বাবে ভার্চুৱেলী অনুষ্ঠিত হৈছিল৷ আজিৰ এই সন্মিলনত ব্রিকছ ৰাষ্ট্রসমূহৰ শীর্ষ নেতাসকলে অংশগ্রহণ কৰে৷ লক্ষণীয়ভাৱে আফগানিস্তানত পুনৰ তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে এইবাৰ ব্রিকছ সন্মিলনত বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে৷

ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে বৃহস্পতিবাৰে এই সন্মিলনত অংশগ্রহণ কৰি কয় যে আফগানিস্তান সন্ত্রাসবাদৰ উৎস হোৱা উচিত নহয়৷ ইয়াৰ প্রতিৱেশী ৰাষ্ট্রসমূহৰ যাতে ভাবুকি সৃষ্টি নহয়, সেই বিষয়টোত গুৰুত্ব প্রদান কৰিব লাগিব বুলিও ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰে৷ পুটিনে কয় যে আমেৰিকা আৰু ইয়াৰ মিত্র বাহিনীয়ে আফগানিস্তানৰ পৰা প্রত্যাৱর্তন কৰি দেশখনক নতুন সংকটৰ সন্মুখীন কৰাইছে৷

গতিকে আঞ্চলিক তথা গোলকীয় পর্যায়ত নিৰাপত্তাৰ বিষয়টো কি হ’ব, তাক লৈও উদ্বেগ প্রকাশ কৰে পুটিনে৷ লক্ষণীয়ভাৱে পুটিনৰ উপৰি এই সন্মিলনত ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰো, দক্ষিণ আফ্রিকাৰ চাইৰিল ৰামাপ’ছা আৰু চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙেও নিজৰ মন্তব্য আগবঢ়ায়৷ আফগান সংকটে যাতে গোলকীয় নিৰাপত্তা পৰিস্থিতিত কোনোধৰণৰ ভাবুকি সৃষ্টি কৰিব নোৱাৰে, সেই ক্ষেত্রত চীন, ৰাছিয়া, ভাৰতে সহমত পোষণ কৰা দেখিবলৈ পোৱা যায়৷ স্মর্তব্য যে অতি সংকটকালত অনুষ্ঠিত ব্রিকছ সদস্য দেশসমূহৰ শীর্ষ নেতাসকলৰ এই সন্মিলনে আফগানিস্তানৰ পৰা সৃষ্টি হ’ব পৰা সকলো ভাবুকিক প্রতিহত কৰিব লাগিব বুলিও মতপোষণ কৰিছে৷

Leave A Reply