Breaking

ক’ৰোনা ভাইৰাছত মৃত্যুৰ তালিকাত পৃথিৱীৰ অষ্টম স্থানত ভাৰত ।

0 545

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

দেশত নতুনকৈ ১০ হাজাৰৰ অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত দেশত ১০৬৬৭ জন লোকৰ ক’ভিড ৰিপৰ্ট পজিটিভ৷ ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩৪৩০৯১জন হ’লগৈ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যাই আগেয়ে লাখৰ ঘৰ অতিক্ৰম কৰিলে৷ আনহাতে তামিলনাডু আৰু দিল্লীত ৫০ হাজাৰৰ ঘৰৰ ওচৰ পাইছেহি৷ আনহাতে আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ মৃত্যুৰ হিচাপত বেলজিয়ামক পিছ পেলাই পৃথিৱীৰ অষ্টম স্থান পাইছেহি ভাৰত৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ৩৮০ জন৷ ইয়াকে লৈ ভাৰতত মুঠ মৃত্যুৰ সংখ্যা হ’ল ৯৯০০জন৷ তাৰ ভিতৰত মহাৰাষ্ট্ৰত মৃত্যু হৈছে ৪১২৮, গুজৰাটত ১৫০৫, দিল্লীত ১৪০০ জন৷ আনহাতে পশ্চিম বংগত ৪৮৫, তামিলনাডুত ৪৭৯, মধ্য প্ৰদেশত ৩৯৯, ৰাজস্থানত ৩০১, তেলেংগানাত ১৮৭ আৰু হাৰিয়ানাত ১০০ জনৰ মৃত্যু হৈছে ৷

Leave A Reply