Breaking

ক’ৰোনাত আক্ৰান্তৰ তালিকাত পৃথিৱীৰ ষষ্ঠ স্থানত ভাৰত ।

0 32

দৈনন্দিন বাৰ্তাৰ নেচনেল ডেস্ক

ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আছে৷ শনিবাৰে ইয়াৰ ব্যতিক্ৰম নহয়৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ক’ৰোনা সংক্ৰমিত হৈছে ৯৮৮৭জনলৈ৷ এদিনত ইমান সংখ্যক মানুহ আগতে সংক্ৰমিত হোৱা নাছিল৷ এই বৃদ্ধিৰ ফলত দেশত ২ লাখ ৩৬ হাজাৰ ৬৫৭ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰ লগে লগে ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ তালিকাত ইটালীৰ পাছতে আছে ভাৰত৷ অৰ্থাৎ ক’ৰোনাত আক্ৰান্তৰ তালিকাত এতিয়া ভাৰতৰ স্থান হ’ল পৃথিৱীৰ ভাতৰত ষষ্ঠ৷ আমেৰিকা, ব্রাজিল, ৰাছিয়া, ব্ৰিটেইন আৰু স্পেইনৰ পাছত ভাৰতৰ স্থান পালেহি৷ কেৱল সংক্ৰমণ বৃদ্ধিয়ে নহয় ক’ৰোনাত মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে যোৱা ২৪ ঘণ্টাত ২৯৪জনৰ মৃত্যু হৈছে৷ যিটো এদিনৰ হিচাপত সৰ্বোচ্চ৷ ইয়াকে লৈ ভাৰতত মুঠ ৬৬৪২জন লোক ক’ৰোনাত মৃত্যু হয়৷ ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোকৰ মৃত্যু হয়৷ ক’ৰোনাত মহাৰাষ্ট্ৰত ২৮৪৯ জন লোকৰ মৃত্যু হৈছে৷ তাৰ পাছত ১১৯০ জন মৃত্যুৰে দ্বিতীয় স্থানত আছে গুজৰাট৷ ৰাজধানী দিল্লীত ৭০৯, মধ্যপ্রদেশত ৩৮৪ আৰু  পশ্চিম বংগত ৩৬৬ জনৰ মৃত্যু হৈছে৷ উল্লেখ্য যে দেশত সৰ্বাধিক সংক্ৰমণ হোৱা ৰাজ্য মহাৰাষ্ট্র৷ এইখন ৰাজ্যত ৮০২২৯ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত ২৪৩৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

Leave A Reply