Breaking

ইতিহাস ৰচি অলিম্পিকলৈ ভাৰতৰ সাঁতোৰবিদ সাজন প্রকাশ

0 1,535

‘এ’ ষ্টেণ্ডার্ড টাইম অনুসৰণ কৰি অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ভাৰতৰ প্রথমগৰাকী সাঁতোৰবিদ হিচাপে ইতিহাস ৰচিছে সাজন প্রকাশে৷ ইটালীৰ ৰোমত অনুষ্ঠিত ছেট্টি ক’লি ট্রফী ছুইমিঙৰ পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ১ মিনিট ৫৬.৩৮ ছেকেণ্ডেৰে তেওঁ অভিলেখসহ টকি’ অলিম্পিকলৈ যোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ফিনাৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত অলিম্পিক কোৱালিফায়াৰ প্রতিযোগিতাখনত তেওঁ অলিম্পিকৰ ‘এ’ ষ্টেণ্ডার্ড টাইমতকৈ ০.১০ ছেকেণ্ড কম সময়ত সাঁতোৰ সম্পূর্ণ কৰি এই অভিলেখ স্থাপন কৰে৷

অলিম্পিকৰ ‘এ’ ষ্টেণ্ডার্ড সময়সীমা আছিল ১ মিনিট ৫৬.৪৮ ছেকেণ্ড৷ ২৭ বছৰীয়া প্রকাশে এই অভিলেখ স্থাপন কৰাৰ লগতে নিজৰে ৰাষ্ট্রীয় অভিলেখ ভংগ কৰিবলৈও সক্ষম হয়৷ ইয়াৰ পূর্বে যোৱা সপ্তাহত বেলগ্রেড ট্রফী সাঁতোৰ প্রতিযোগিতাত তেওঁ ২০০ মিটাৰ বাটাৰফ্লাইত ১ মিনিট ৫৬.৯৬ ছেকেণ্ডেৰে ৰাষ্ট্রীয় অভিলেখ স্থাপন কৰিছিল৷ কেৰালাৰ প্রতিভাৱান সাঁতোৰবিদগৰাকীয়ে টকি’ত ক্রমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত দেশক প্রতিনিধত্ব কৰিব৷ ইয়াৰ পূর্বে ২০১৬ৰ ৰি’ অলিম্পিকতো সাজন প্রকাশে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ ভাৰতীয় ছুইমিং ফেডাৰেচনে সাজন প্রকাশৰ এই সাফল্যক ভাৰতীয় সাঁতোৰ জগতৰ বাবে ঐতিহাসিক মুহূর্ত বুলি আখ্যা দিছে৷

Leave A Reply