Breaking

ভাৰতীয় ক্ৰিকেট দলৰ ক্ৰিকেটৰ একছত্ৰী সম্ৰাট বিৰাট কোহলিৰ শুভ জন্মদিন…

0 131

বিৰাট কোহলি – ভাৰতীয় তথা বিশ্ব ক্ৰিকেটত নিজৰ বেট খনেৰে দপদপাই থকা এটা চিৰ পৰিচিত নাম ।। ২০০৮ চনৰ ১৮ আগষ্টত যেতিয়া প্ৰথমবাৰ ক্ৰিকেট পথাৰত নামিছিল , কোনেনো ভাবিছিল , এই লৰাজনেই এদিন ৰাজত্ব কৰিব ।

ক্ৰিকেটৰ ২২ গজ দূৰত্বৰ মাজত কাহানিও হাৰ মানিব নোখোজা যোদ্ধাজনৰ জন্মদিন আজি । দেউতাকৰ মৃতদেহ শ্মশানত মুখাগ্নি কৰি পিছদিনা ৰঞ্জী খেলখনত সৰ্বাধিক ৰান সংগ্ৰহ কৰা মানুহজনৰ জন্মদিন , সেয়া তেওঁৰ ক্রিকেটৰ প্ৰতি আগ্ৰহ ।

।প্ৰতিগৰাকী সতীৰ্থৰ সফলতাত সুখী হোৱা মানুজনৰ জন্মদিন আজি ।।ক্ৰিকেট খেলপথাৰ খনত ভৰি দিলেই এটা এটা কৃতিত্বৰ অধিকাৰী হোৱা মানুহজনৰ জন্মদিন আজি ।

পদ্মশ্ৰী , খেলৰত্ন , অৰ্জুন বঁটাৰ পৰা আৰম্ভ কৰি দশকৰ শ্ৰেষ্ঠ খেলুৱৈ হোৱালৈ এটা এটা বঁটাৰে সন্মানিত হোৱা খেলুৱৈজনৰ জন্মদিন আজি ।।ক্ৰিকেটৰ একছত্ৰী সম্ৰাট গৰাকীলৈ জন্মদিনৰ শুভেচ্ছা😊 ।তেওঁ কুশলে থাকক সদায় জন্মদিনৰ শুভেচ্ছা প্রিয়

Leave A Reply