Breaking

দ্বিতীয়টো ধৰ্ষণৰ গোচৰত ভাৰতীয় স্বয়ম্ভু আধ্যাত্মিক গুৰুক আজীৱন কাৰাদণ্ড

0 53

ভাৰতীয় আদালতে নিজৰ এজন ভক্তক ধৰ্ষণ কৰাৰ অপৰাধত স্বয়ম্ভু আধ্যাত্মিক গুৰুক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

পশ্চিম গুজৰাট ৰাজ্যৰ নিজৰ আশ্ৰমত ২০০১ চনৰ পৰা ২০০৬ চনৰ ভিতৰত মহিলাগৰাকীক কেইবাবাৰো আক্ৰমণ কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছিল আছাৰাম বাপু নামৰ লোকজন।

২০১৮ চনত নাবালিকা ছোৱালীক ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱাৰ পিছত বৰ্তমান আজীৱন কাৰাদণ্ড দিয়া হৈছে।

তেওঁৰ অধিবক্তাই আদালতৰ এই নিৰ্দেশৰ বিৰুদ্ধে আপীল কৰিব বুলি কয়।

যোগ আৰু ধ্যান-ধাৰণাৰ শিক্ষাৰ বাবে পৰিচিত আছাৰামৰ বিশ্বৰ লাখ লাখ অনুগামী আৰু শ শ আশ্ৰম আছে।

মঙলবাৰৰ এই নিৰ্দেশৰ পূৰ্বে গুজৰাটৰ কৰ্তৃপক্ষই গুৰুজনাৰ সমৰ্থকৰ পৰা হিংসাত্মক পৰিস্থিতি হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰি নিৰাপত্তা কটকটীয়া কৰিছিল।

ইয়াৰ এদিন পূৰ্বে গান্ধীনগৰ চহৰৰ আদালতে ধৰ্ষণ আৰু অন্যায়ভাৱে আটক কৰাকে ধৰি ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত আছাৰামক দোষী সাব্যস্ত কৰিছিল।

অপৰ্যাপ্ত প্ৰমাণৰ অভাৱত আছাৰামৰ পত্নী আৰু কন্যাকে ধৰি এই গোচৰৰ আন ৬জন অভিযুক্তক দোষমুক্ত কৰা হয়।

মঙলবাৰে আদালতে আছাৰামক ২৩ হাজাৰ টকা (২৮১ ডলাৰ; ২২৮ পাউণ্ড) জৰিমনা বিহাৰ লগতে ভুক্তভোগীক ক্ষতিপূৰণ হিচাপে ৫০ হাজাৰ টকা দিবলৈ কয়।

যৌন নিৰ্যাতনৰ অভিযোগ প্ৰথম পোহৰলৈ আহিছিল ২০১৩ চনত যেতিয়া মহিলাগৰাকীয়ে গুৰুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

মোটেৰা চহৰৰ নিজৰ আশ্ৰমত আছাৰামে কেইবাবাৰো ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে, য’ত তাই পলায়ন কৰাৰ পূৰ্বে পাঁচ বছৰ ধৰি আৱদ্ধ হৈ আছিল।

২০১৯ চনত মহিলাগৰাকীৰ কনিষ্ঠ ভগ্নীক ধৰ্ষণ কৰাৰ অপৰাধত আছাৰাম পুত্ৰ নাৰায়ণ ছাইকো যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল।

২০১৩ চনত আছাৰামৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ সুকীয়া গোচৰ ৰুজু কৰিছিল তেওঁৰ দুজন অনুগামীয়ে তেওঁলোকৰ কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰি।

আৰক্ষীয়ে জনোৱা মতে, তেওঁ ৰাজস্থানৰ যোধপুৰ চহৰৰ নিজৰ আশ্ৰমত থকা নিজৰ কোঠালৈ মাতি আনি “নিৰাময়” কৰাৰ অজুহাত দেখুৱাই তাৰ পিছত ধৰ্ষণ কৰে।

তেওঁলোকে লগতে কয় যে গুৰুজনে ভুক্তভোগী মহিলাগৰাকীক জোৰকৈ যৌন কাণ্ড সংঘটিত কৰিবলৈ বাধ্য কৰাইছিল আৰু ঘটনাৰ কথা ক’লে পৰিয়ালটোক হত্যা কৰাৰ ভাবুকি দিছিল।

এই গোচৰৰ সন্দৰ্ভত আছাৰামৰ দুজন সহায়ককো দোষী সাব্যস্ত কৰি ২০ বছৰৰ কাৰাদণ্ড বিহা হয়।

Leave A Reply