Breaking

৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহ উৎক্ষেপণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই…

0 82

৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহ উৎক্ষেপণ কৰিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই। মহাকাশ গৱেষণা সংস্থাটোৱে ৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহৰ প্ৰথম বাণিজ্যিক উৎক্ষেপণৰ বাবে সাজু হৈছে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই সংস্থাটোৰ আটাইতকৈ ডাঙৰ ৰকেট এলভিএম৩-এম২ ত ৩৬ টা ব্ৰডবেণ্ড যোগাযোগ উপগ্ৰহ উৎক্ষেপণৰ কাউন্টডাউন ২১ অক্টোবৰৰ পৰা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা স্পেচপোৰ্টত আৰম্ভ কৰিছিল। এলভিএম৩-এম২ অভিযান টো বিশেষভাৱে নিউস্পেচ ইণ্ডিয়া লিমিটেড (এনএছআইএল)ৰ অধীনত কৰা হৈছে।

ই হৈছে প্ৰথম মাল্টি-চেটেলাইট মিছন, যি এলভিএম৩ (৫,৭৯৬ কিগ্ৰা)ৰ জৰিয়তে ৩৬ টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ দিহা কৰিছে। এই উপগ্ৰহ কেইটাই যোগাযোগ নেটৱৰ্ক তথা ইণ্টাৰনেট সেৱা শক্তিশালী কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰা হৈছে।

এই উপগ্ৰহই বাণিজ্যৰ বিস্তাৰতো সহায় কৰিব। ইছৰোৰ মতে ব্ৰিটেইনস্থিত কোম্পানী নেটৱৰ্ক এক্সেছ এছ’চিয়েটছ লিমিটেড আৰু নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ মাজত হোৱা ব্যৱসায়িক চুক্তিৰ অংশ হিচাপে এই অভিযানটো সম্পন্ন কৰা হ’ব। উপগ্ৰহসমূহ পৃথিৱীৰ পৰা ১,২০০ কিমি ওপৰত স্থাপন কৰা হ’ব। উল্লেখ্য ইছৰোৰ জিএছএলভি-এমকে-৩ৰ পূৰ্বৰ চাৰিটা অভিযান সফল হৈছিল, যাৰ ভিতৰত আছিল চন্দ্ৰযান-২ আছিল।

Leave A Reply