ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাই এছিয়ান কাপ টেবুল টেনিছত ইতিহাস সৃষ্টি কৰিছে। তেওঁ ছেমি ফাইনেলত পৰাজিত হয়। কিন্তু মণিকাই ব্ৰঞ্জৰ পদক জিকি ভাৰতীয় টেবুল টেনিছত এক নতুন অভিলেখ গঢ়িছে। তেওঁ হৈ পৰিল এছিয়ান কাপত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা টিটি খেলুৱৈ।

শনিবাৰে ব্ৰঞ্জৰ পদকৰ খেলখনত ভাৰতৰ তাৰকা পেডেলাৰে বিশ্বৰ ৬ নম্বৰ হিনা হায়াতাক ৪-২ গ’লত পৰাস্ত কৰে। এছিয়ান কাপত পদক জয় কৰা তেওঁ প্ৰথম ভাৰতীয় মহিলা। তেওঁ চেতন বাবুৰৰ পিছত এই কৃতিত্ব অৰ্জন কৰা দ্বিতীয় ভাৰতীয়।
মণিকাৰ আগতে প্ৰাক্তন খেলুৱৈ চেতন বাবুৰ টেবুল টেনিছত এছিয়ান কাপৰ পুৰুষৰ ছিংগলছত পদক জয় কৰা একমাত্ৰ ভাৰতীয় আছিল। তেওঁ ১৯৯৭ চনত ৰূপ আৰু ২০০০ চনত ব্ৰঞ্জ জিকিছিল।