Breaking

ইউক্ৰেইনত পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতিৰ সময়তে হঠাৎ ৰাছিয়ামুখী ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ

0 81

ইউক্ৰেইনত পাৰমাণৱিক আক্ৰমণ চলাবলৈ ৰাছিয়া উদ্যত হোৱাৰ সময়তে হঠাতে ৰাছিয়ামুখী হৈছে ভাৰতৰ বৈদেশিক দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰ ।এদিন পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে পাৰমাণৱিক কাৰ্যকলাপৰ বাবে ৰাছিয়াক সমালোচনা কৰাৰ পিছতে জয়শংকৰে ৰাছিয়া ভ্ৰমণলৈ ওলাইছে।ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কো ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত জংশকৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী চাৰ্গেই লাভৰভৰ সৈতে আলোচনা কৰিব।ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয়” ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভাৰভে ৮ নৱেম্বৰত মস্কোত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনা কৰিব,” । তেওঁ লগতে কয়যে মন্ত্ৰীদুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্ক উন্নীতকৰণ আৰু কেতবোৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিব । অৱশ্যে, জয়শংকৰৰ প্ৰস্তাৱিত ভ্ৰমণ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই৷ এই বছৰৰ ফেব্ৰুৱাৰীত ইউক্ৰেইন সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতেও কেইবাবাৰো কথা পাতিছিল। এই মাহৰ আৰম্ভণিতে জেলেনস্কিৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত মোদীয়ে কৈছিল যে “যুদ্ধৰ সমাপ্তি কোনো সামৰিক পন্থাৰে” হ’ব নোৱাৰে ।

ভাৰতে যিকোনো শান্তি প্ৰচেষ্টাত অৰিহণা যোগাবলৈ সাজু বুলিও মোদীয়ে কৈছিল। ১৬ ছেপ্টেম্বৰত উজবেক চহৰ চামাৰ্কান্দত পুটিনৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত মোদীয়ে পুটিনক কৈছিল যে “আজিৰ যুগ যুদ্ধৰ যুগ নহয়”। ডিজিটেল ডেস্কঃ আকৌ বিশ্বত পাৰমাণৱিক আক্ৰমণৰ দামামা বজালে ৰাছিয়াই।এইবাৰ ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ সেনাই পাৰমাণৱিক আক্ৰমণৰ অনুশীলন আৰম্ভ কৰিছে। ৰাছিয়াৰ পাৰমাণৱিক সশস্ত্ৰ বাহিনীয়ে এই অনুশীলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। দেশখনৰ চৰকাৰী সংবাদ সংস্থা আৰআইএ-য়ে জনাইছে যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পাৰমাণৱিক যুদ্ধৰ পৰিস্থিতিৰ সৈতে সম্পৰ্কিত অনুশীলনসমূহলৈ লক্ষ্য ৰাখিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে পাৰমাণৱিক যুদ্ধৰ বাবে প্ৰস্তুতি চলাই থকাৰ দৃশ্য চাই থকাৰ এখন ছবিও টিভিত সম্প্ৰচাৰিত হৈছে। ২৪ ফেব্ৰুৱাৰীত পুটিনে ইউক্ৰেইনত সামৰিক অভিযান ঘোষণা কৰাৰ পিছত এইটো প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ পাৰমাণৱিক কৌশলগত বাহিনীৰ অনুশীলন।

ইয়াৰ পূৰ্বে ৰাছিয়াৰ সামৰিক বাহিনীয়ে ভূমি আৰু চাবমেৰিনৰ পৰা পাৰমাণৱিক সশস্ত্ৰ ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ কৰিছে। পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত সামৰিক মিত্ৰতা নাটো আৰু ইউক্ৰেইনৰ ওপৰত চাপ বৃদ্ধি কৰিবলৈ কৃষ্ণ সাগৰৰ গভীৰতাত এটা পাৰমাণৱিক বোমা পৰীক্ষা কৰাৰ সম্ভাৱনা আছে বুলি বিভিন্ন মহলত আলোচনা হৈছে।

Leave A Reply